অসম

assam

ETV Bharat / sitara

ইৰফান খানৰ পত্নীৰ পোষ্টে আৱেগিক কৰিলে সকলোকে - sutapa sikdar pens emtional note for late husband Irrfan khan

ইৰফান খানৰ পত্নী সুতাপা চিকদাৰে স্বামী ইৰফান খানৰ বিয়োগৰ পাচত ছ'চিয়েল মিডিয়াত হৃদয় স্পৰ্শ কৰা এটা পোষ্ট লিখি আৱগিক কৰি তুলিলে সকলোকে ৷ পোষ্টটোৰ লগতে স্বামীৰ সৈতে উঠা এখন ফটো নিজৰ ফেচবুক একাউন্টৰ প্ৰফাইল ফটো হিচাপে প্ৰকাশ কৰে সুতাপাই ৷

sutapa sikdar pens emtional note for late husband Irrfan khan
স্বৰ্গীয় ইৰফান খানৰ পত্নীয়ে স্বামীক লৈ লিখা প'ষ্টে আৱেগিক কৰি তুলিলে সকলোকে

By

Published : May 1, 2020, 9:54 PM IST

চিটাৰা ডেস্ক,1 মে'ঃ স্বৰ্গীয় ইৰফান খানৰ পত্নী সুতাপা চিকদাৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে ৷

বুধবাৰে স্বামীক হেৰুৱাৰ পাচত অভিনেতাজনৰ পত্নীয়ে স্বামীৰ সৈতে উঠা এখন ফটো নিজৰ ফেচবুক একাউন্টৰ প্ৰফাইল ফটো হিচাপে প্ৰকাশ কৰে ৷ ফটোখনৰ সৈতে তেওঁ লিখে, "মই তোমাক হেৰুওৱা নাই, সকলো অৰ্থত মই তোমাক পাইছো ৷"

স্বৰ্গীয় ইৰফান খানৰ পত্নীয়ে স্বামীক লৈ লিখা প'ষ্টে আৱেগিক কৰি তুলিলে সকলোকে

প'ষ্টটোৱে যথেষ্ট আৱেগিক কৰি তোলে অভিনেতাজনৰ অনুৰাগীসকলক ৷ সকলোৱে সাহস দিয়াৰ প্ৰয়াস কৰিছে ইৰফান খানৰ পত্নীক ৷

উল্লেখ্য যে, সুতাপা আৰু ইৰফান প্ৰথমে লগ পাইছিল নেশ্যনেল স্কুল অৱ ড্ৰামাত অধ্যয়নৰত দিনত ৷ তাত থাকোতেই দুয়োৰে মাজত প্ৰেম আৰম্ভ হয় আৰু 1995 চনত দুয়ো বিবাহপাশত আৱদ্ধ হয় ৷

লগতে পঢ়কঃব'বীৰ পৰা হাইদৰলৈঃ কাশ্মীৰৰ শান্তি আৰু হিংসাৰ পৰিস্থিতিলৈ

ABOUT THE AUTHOR

...view details