অসম

assam

ETV Bharat / sitara

প্ৰয়াত স্বামী ইৰফান খানৰ বাবে আৱেগিক টোকা পত্নীৰ - সুতাপা আৰু ইৰফান

ইৰফান খানৰ পত্নী সুতাপা শিকদৰে সামাজিক মাধ্যমত হৃদয় চুই যোৱা এক আৱেগিক টোকা তেওঁৰ প্ৰয়াত স্বামীৰ বাবে লিখিছে । লগতে ফেচবুকত তেওঁলোকৰ সুখৰ দিনৰ ফটো আপলোড কৰিছে ।

প্ৰয়াত স্বামী ইৰফান খানৰ বাবে আৱেগিক টোকা পত্নীৰ
প্ৰয়াত স্বামী ইৰফান খানৰ বাবে আৱেগিক টোকা পত্নীৰ

By

Published : May 1, 2020, 10:05 AM IST

নিউজ ডেস্কঃ বলিউডৰ প্ৰয়াত অভিনেতা ইৰফান খানৰ পত্নী সুতাপা শিকদৰে এক আৱেগিক টোকা লিখে সামাজিক মাধ্যমত ।

ফেচবুকত নিজৰ প্ৰফাইল ফটোখন সলনি কৰি তেওঁ ইৰফান খানৰ সৈতে কটোৱা সুখৰ মুহূৰ্তৰ ফটো এখন ৰাখে আৰু তাত লিখে- "মই হেৰুওৱা নাই, মই প্ৰতিটো ধৰণে লাভ কৰিছো..."

বহুতেই পষ্টটোত পতিক্ৰিয়া প্ৰকাশ কৰি খানৰ পত্নী আৰু তেওঁলোকৰ সন্তান বাবিল আৰু আয়নক সমবেদনা জনায় ।

সুতাপা আৰু ইৰফান লগ হৈছিল কলেজৰ দিনত, যেতিয়া তেওঁলোক দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য একাডেমীত পঢ়ি আছিল । তাৰ পাচতে তেওঁলোকৰ প্ৰেম হৈছিল আৰু 1995 চনত বিবাহ পাশত আবদ্ধ হৈছিল ।

ইৰফানে কৰ্কট ৰোগৰ সৈতে যুঁজি যুঁজি মুম্বাইৰ কোকিলা বেন ধিৰোভাই আম্বানি হাস্পতালত মাত্ৰ 54 বছৰ বয়সত 29 মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰে ।

ABOUT THE AUTHOR

...view details