অসম

assam

ETV Bharat / sitara

এটা দশকৰ পিছত দৰ্শকৰ মাজলৈ উভতিব সুষ্মিতা সেন - দৰ্শকৰ মাজলৈ উভতিব সুষ্মিতা সেন

বলীউডত অভিনয় কৰাৰ এটা দশকৰ পিছত এটা নতুন শ্ব'ৰ সৈতে উভতিব সুষ্মিতা সেন

Sushmita Sen returns on the show Aarya on Mar 29
এটা নতুন শ্ব'ৰ সৈতে উভতিব সুষ্মিতা সেন

By

Published : Feb 11, 2020, 7:18 PM IST

চিটাৰা ডেস্ক,11 ফেব্ৰুৱাৰীঃপৰ্দাৰ পৰা এটা দশকজুৰি আঁতৰি আছে অভিনেত্ৰী সুষ্মিতা সেন ৷ এটা দশকৰ অন্তত পুনৰ দৰ্শকৰ আমোদ দিবলৈ আহি আছে এসময়ৰ মিচ ইউনিৰ্ভাচ আৰু বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী সুষ্মিতা সেন ৷ আৰ্য়া নামৰ এটা নতুন শ্ব'ত দেখিবলৈ পোৱা যাব অভিনেত্ৰীগৰাকীক ৷ Bollywoodhungama.comয়ে জনোৱা অনুসৰি এই শ্ব'টোৰ উন্মোচন হ'ব 29 মাৰ্চত ৷ ৱেবচাইটোৱে লগতে জনাই যে, এই শ্ব'টোৰ নিৰ্দেশনা কৰিব ৰাম মাধৱানীয়ে ৷ লগতে এই শ্ব'টো ৰিলিজ হ'ব ডিজনী আৰু হটষ্টাৰত ৷
জানিব পৰা মতে, 2019 চনৰ ডিচেম্বৰ মাহৰ পৰাই আৰম্ভ হৈছিল এই শ্ব'টোৰ শ্বুটিং ৷ সুষ্মিতা সেনে এই শ্ব'টোৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ বলীউডত শেষবাৰৰ বাবে অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱা গৈছিল , ন' প্ৰব্লেম নামৰ ছবিখনত ৷ দৰ্শকৰ বাবেই 10 টা বছৰৰ অন্তত অভিনেত্ৰীগৰাকীয়ে এনেদৰে পুনৰ অভিনয় ক্ষেত্ৰখনলৈ উভতি আহিছে বুলি উল্লেখ কৰিছে ৷

ABOUT THE AUTHOR

...view details