চিটাৰা ডেস্ক, ২৪ ডিচেম্বৰ: সৌ সিদিনালৈকে প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই থকা সুস্মিতা সেন আৰু ৰোহমান শ্বলৰ সম্পৰ্কত মেলিছে ফাঁট । অভিনেত্ৰী সুস্মিতা সেনে ইনষ্টাগ্ৰাম পোষ্টযোগে ঘোষণা কৰিলে ৰোহমানৰে সম্পৰ্ক শেষ কৰাৰ কথা(Sushmita-Rohman relationship ends) । অৱশ্যে বিগত কেইবামাহো ধৰি কাশ্মিৰী প্ৰেমিক ৰোহমানৰ সৈতে সুস্মিতাৰ ব্ৰেকআপ হোৱাৰ উৰাবাতৰি ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ আছিল । অৱশেষত বৃহস্পতিবাৰে প্ৰেমৰ সম্পৰ্কৰ কথা স্পষ্টকৈ প্ৰকাশ কৰে সুস্মিতাই(Sushmita Sen finally openes up sbout her relationship) ।
ইনষ্টাগ্ৰাম পোষ্টযোগে দুয়োৰে এখন ফটো শ্বেয়াৰ কৰি সুস্মিতাই লিখিছে, "আমি বন্ধু হিচাপে আমাৰ সম্পৰ্কৰ আৰম্ভণি কৰিছিলো আৰু আমি সদায় বন্ধু হৈ থাকিম" । তেওঁ লগতে লিখিছে যে, এই সম্পৰ্ক এতিয়া শেষ হৈছে, কিন্তু প্ৰেম সদায় তেওঁলোকৰ মাজত থাকিব । আনহাতে, "সদায়" বুলি লিখি সুস্মিতাৰ ব্ৰেকআপ পোষ্টৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰোহমানে । অনুৰাগীসকলেও কমেণ্ট বক্সত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
কোনোৱে লিখিছে, "এয়া হৃদয় বিদাৰক" আৰু আন কোনোৱে আকৌ প্ৰকাশ কৰিলে দুয়োকে একেলগে দেখি ভালপোৱাৰ আনন্দ ।