অসম

assam

ETV Bharat / sitara

সুশান্তৰ মৃত্যু গোচৰ : মুম্বাইৰ পৰা আৰু এজনক গ্ৰেপ্তাৰ NCB ৰ

সুশান্তৰ মৃত্যু গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত NCB য়ে পুনৰ অন্ধেৰীৰ পৰা গ্ৰেপ্তাৰ কৰে এজনক ৷ ৰাজপুতৰ মৃত্যুৰ সৈতে ড্ৰাগছৰ দিশ পোহৰলৈ অহাৰ পাচতে গ্ৰেপ্তাৰ হৈছে কৰমজিত নামৰ ব্যক্তিজন ৷

মুম্বাইৰ পৰা আৰু এজনক গ্ৰেপ্তাৰ NCB ৰ
সুশান্তৰ মৃত্যু গোচৰ

By

Published : Sep 13, 2020, 6:54 AM IST

ছিটাৰা ডেস্ক, 13 ছেপ্তেম্বৰ : নাৰ্কোটিকছ কন্ট্ৰল ব্য়ুৰোই (NCB) শনিবাৰে মুম্বাইৰ অন্ধেৰী অঞ্চলৰ পৰা আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে ড্ৰাগছৰ দিশ পোহৰলৈ অহাৰ পাচতে গ্ৰেপ্তাৰ কৰা হয় কৰমজিত নামৰ ব্যক্তিজনক ৷ NCB ৰ কাৰ্যালয়লৈ পোনপটীয়াকৈ কৰমজিতক লৈ যোৱা হয় ৷

বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত NCB য়ে গ্ৰেপ্তাৰ কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী, তেওঁৰ ভাতৃ শৌভিক, আব্দুল বাচিত পৰিহাৰ, জেইদ ভিলাট্ৰা, দিপেশ সাৱন্ত আৰু ছেমুৱেল মিৰাণ্ডাক ৷

মুম্বাইৰ এক বিশেষ আদালতে ইতিমধ্যে ৰিয়া, শৌভিক আৰু অন্যান্য সকলৰ জামিন আবেদন নাকচ কৰিছে ৷

সুশান্ত সিঙৰ মৃত্যুৰ সৈতে ড্ৰাগছৰ দিশ পোহৰলৈ অহাৰ পাচতে এনফৰ্চমেন্ট ডাৰেক্টৰেটে (ED) নাৰ্কোটিকছ ব্যুৰোৰ সৈতে যোগাযোগ কৰাৰ পাচতে তদন্ত আৰম্ভ হৈছিল ৷

উল্লেখ্য যে, 14 জুনত মুম্বাইৰ নিজ বাসগৃহত সুশান্তৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷

ABOUT THE AUTHOR

...view details