অসম

assam

ETV Bharat / sitara

সুশান্ত সিঙৰ পৰিয়ালকলৈ বিতৰ্কিত মন্তব্য কৰা সঞ্জয় ৰাৱতক ক্ষমা খোজাৰ দাবী বিধায়ক নীৰজ সিঙৰ - শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱত

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱতৰ আপত্তিজনক মন্তব্য সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ সুশান্ত সিং ৰাজপুতৰ সম্বন্ধীয় বিধায়ক নীৰজ সিঙৰ ৷ সঞ্জয় ৰাৱতৰ মন্তব্য বিভ্ৰান্তিকৰ বুলি উল্লেখ কৰি ক্ষমা প্ৰাৰ্থনাৰ দাবী উত্থাপন বিধায়কগৰাকীৰ ৷

সঞ্জয় ৰাৱতক ক্ষমা খোজাৰ দাবী বিধায়ক নীৰজ সিঙৰ
সঞ্জয় ৰাৱতক ক্ষমা খোজাৰ দাবী বিধায়ক নীৰজ সিঙৰ

By

Published : Aug 12, 2020, 5:09 PM IST

নিউজ ডেস্ক, 12 আগষ্ট:প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালকলৈ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱতে কৰা বিতৰ্কিত মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ সুশান্তৰ পৰিয়ালৰ সম্বন্ধীয় বিধায়ক নীৰজ সিঙৰ ৷ বুধবাৰে শিৱসেনাৰ সাংসদগৰাকীৰ বিৰুদ্ধে আইনী আবেদন জাৰি কৰিছে নীৰজ সিঙে ৷ নীৰজ সিঙে সাংসদগৰাকীক 48 ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী জনায় অন্যাথা আইনী যুঁজৰ বাবে সাজু থকাৰ বাবে সকীয়াই দিয়ে ৷

শিৱসেনাৰ মুখপাত্ৰ ছামনাৰ এখন লেখাত ৰাৱতে সুশান্ত সিঙৰ সৈতে তেওঁৰ পিতৃৰ মাজত সম্পৰ্ক দ্বিতীয় বিবাহৰ পাচৰে পৰাই হতাশাজনক আছিল বুলি উল্লেখ কৰিছিল ৷ এই মন্তব্যৰ পাচতেই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বিধায়ক নীৰজ সিঙে ৷

বিধায়কগৰাকীয়ে লগতে কয়, সঞ্জয় ৰাৱতৰ বিৰুদ্ধে মোৰ ভাল ধাৰণা আছিল যদিও তেওঁৰ সস্তীয়া মন্তব্যই তেওঁৰ প্ৰতি এতিয়া মোৰ মনত ঘৃণাভাৱ জগাই তুলিছে বুলি উল্লেখ কৰে ৷

লগতে চাওক-1 জানুৱাৰীৰ পৰা উপলব্ধ হ'ব ৰাছিয়াৰ ক'ভিড-19ৰ প্ৰতিষেধক

ABOUT THE AUTHOR

...view details