এন্টাৰটেইনমেন্ট ডেস্ক, 19 জুনঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত তেওঁৰ ঘনিষ্ঠ বান্ধৱী তথা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক সোধ-পোচ অব্যাহত ৰাখিছে বান্দ্ৰা আৰক্ষীয়ে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ ভিত্তিত আত্মহনন কৰিছে সুশান্ত সিং ৰাজপুটে ৷ কিন্তু তেওঁৰ আত্মহত্যাৰ আঁৰৰ কাৰণ জানিবলৈ বৃহস্পতিবাৰে 10 জনতকৈয়ো অধিক লোকৰ জবানবন্দী লয় বান্দ্ৰা আৰক্ষীয়ে ৷
বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, সুশান্তে নিজৰ শেষ সময়খিনি ৰিয়াৰ লগত অতিবাহিত কৰিছিল ৷ সেয়ে আৰক্ষীয়ে তদন্তৰ খাতিৰত ৰিয়াৰ ফোনটো স্কেন কৰে ৷ লগতে তেওঁলোকৰ মাজত আদন-প্ৰদান হোৱা প্ৰতিটো মেছেজ,ফ'টো, ভিডিঅ'ৰ তন্নতন্নকৈ অনুসন্ধান কৰে আৰক্ষীয়ে ৷
ইয়াৰোপৰি আৰক্ষীয়ে তেওঁলোকৰ সম্বন্ধৰ বিষয়ে জানিব বিচৰাত ৰিয়াই কয় য়ে,তেওঁলোক বহু দিনৰ পৰা একেলগে আছিল লগতে দুয়ো মিলি এটা সম্পত্তি কিনাৰ কথাও ঠিক কৰিছিল ৷ ৰিয়াই আৰক্ষীৰ আগত কয় যে চলিত বৰ্ষৰ শেষৰ ফালে দুয়ো বিবাহপাশত আবদ্ধ হ'লহেতেন ৷ ইয়াৰোপৰি আৰক্ষীৰ সোধ-পোচত ৰিয়াই তেওঁলোকৰ মাজত হোৱা মতানৈক্য লগতে কাজিয়াৰ ফলত ৰিয়া ঘৰ এৰি গুচি গৈছিল বুলি জানিবলৈ দিয়ে ৷ আনহাতে, সুশান্তৰ ক'ল ৰেক'ৰ্ডিঙৰ তথ্য অনুসৰি জীৱনৰ অন্তিম সময়ছোৱাত সুশান্তে ৰিয়াক ফোন কৰিছিল যদিও ৰিয়াই ফোনৰ উত্তৰ দিয়া নাছিল ৷ পোনপ্ৰথমে সুশান্তে তেওঁৰ বন্ধু মহেশ ছেট্টিক ফোন লগাইছিল যদিও বন্ধু মহেশে সুশান্তৰ ফোনৰ উত্তৰ দিয়া নাছিল ৷