অসম

assam

সুশান্ত সিং ৰাজুপুতৰ মৃত্যু ৰহস্যঃ CBIৰ নজৰত 5 প্ৰধান প্ৰত্যক্ষদৰ্শী

By

Published : Aug 11, 2020, 9:01 PM IST

চিবিআইৰ উচ্চস্তৰীয় এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় অনুসন্ধান সংস্থাই প্ৰথমতে পাঁচ গৰাকী সাক্ষীৰ পৰা সাক্ষ্য গ্ৰহণ কৰিব ৷

Sushant Singh Rajput
Sushant Singh Rajput

নতুন দিল্লী, 11 আগষ্টঃ কেন্দ্ৰীয় অনুসন্ধান সংস্থা (CBI)-য়ে পাঁচ গৰাকী মুখ্য সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব ৷ তেওঁলোক হৈছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচত তেওঁৰ বিল্ডিংত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই উপস্থিত হোৱা লোক সকল ৷

চিবিআইৰ উচ্চস্তৰীয় এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় অনুসন্ধান সংস্থাই প্ৰথমতে পাঁচ গৰাকী সাক্ষীৰ পৰা সাক্ষ্য গ্ৰহণ কৰিব ৷ এই পাঁচজন হৈছে সুশান্তৰ ফ্লেটমেট সিদ্ধাৰ্থ পিথানি, প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী, গৃহ মেনেজাৰ চেমুৱেল মিৰণ্ডা আৰু সুশান্তৰ ভগ্নী মিতু সিং আৰু এগৰাকী ব্যক্তি ৷ উল্লেখ্য যে, মুম্বাই আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত এই পাঁচজন লোক সুশান্তৰ ফ্লেটত উপস্থিত থকাৰ কথা উল্লেখ কৰিছে ৷ শপতনামা অনুসৰি মুম্বাই আৰক্ষী বান্দ্ৰাস্থিত ফ্লেটত উপস্থিত হৈছিল দুপৰীয়া 2 বজাত ৷ যেতিয়া আৰক্ষী উপস্থিত হৈছিল তেতিয়া ৰিয়া, পিথানি, মিতু আৰু এগৰাকী লোক ফ্লেটত উপস্থিত আছিল ৷

আনহাতে আৰক্ষীয়ে প্ৰশ্ন কৰিছিল যে, মৃতদেহটো কিয় তলত নমোৱা হৈছিল ৷

আনহাতে শপতনামাত মুম্বাই আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি 56 গৰাকী লোকৰ পৰা ইতিমধ্যে ভাষ্য সংগ্ৰহ কৰিছে ৷

উল্লেখ্য যে, বিহাৰ চৰকাৰৰ আহ্বান মৰ্মে, 6 আগষ্টৰ সন্ধিয়া কেন্দ্ৰীয় চৰকাৰে সুশান্তৰ পৰিয়ালে ৰিয়াৰ বিৰুদ্ধে দিয়া গোচৰৰ ভিত্তিত গোচৰটো অনুসন্ধানৰ বাবে চিবিআইৰ হাতত অৰ্পন কৰিছিল ৷ এই গোচৰত সুশান্তৰ পৰিয়ালে প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী আৰু পৰিয়াল, সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোডী আৰু এজন লোকৰ নাম উল্লেখ কৰিছিল ৷

আনহাতে চিবিআইৰ এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি সুশান্তৰ পিতৃ আৰু ভগ্নীয়ে এইয়া এক হত্যাকাণ্ড বুলি দাবী কৰিছে ৷ আনহাতে ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত প্ৰবৰ্তন নিৰ্দেশনালয়ে ৰিয়া আৰু ৰিয়াৰ পৰিয়ালৰ লগতে শ্ৰুতি মোডীকো সোধ পোচ কৰি আছে ৷

লগতে পঢ়কঃসুশান্তৰ মৃত্যু অতি মাৰাত্মক ঘটনাঃ অধিবক্তা বিকাশ সিং

ABOUT THE AUTHOR

...view details