চিটাৰা ডেস্ক,27জুনঃসুশান্ত সিং ৰাজপুতৰ পৰিয়ালে স্বৰ্গীয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ নামত গঠন কৰিব সুশান্ত সিং ৰাজপুত ফাউণ্ডেছন ৷ যাৰ জৰিয়তে অভিনেতা গৰাকীৰ হৃদয়ৰ একেবাৰে কাষৰ বিষয় চিনেমা, বিজ্ঞান আৰু খেলৰ লগত জড়িত নতুন প্ৰতিভা সমূহক সহায় কৰাৰ প্ৰয়াস কৰা হ'ব ৷
সুশান্ত সিঙৰ নামত ফাউণ্ডেছনঃ নতুন প্ৰতিভাক সহায় কৰিব পৰিয়ালবৰ্গই - নতুন প্ৰতিভাক সহায় কৰিব পৰিয়ালবৰ্গই
সুশান্ত সিং ৰাজপুতক অনুৰাগীৰ হৃদয়ত সদায় জীয়াই ৰাখিবৰ বাবে সুশান্ত সিং ৰাজপুত ফাউণ্ডেছন স্থাপনৰ ঘোষণা পৰিয়ালবৰ্গৰ ৷ কেৱল সেয়াই নহয় স্মাৰকলৈ ৰূপান্তৰ কৰিব পাটনাস্থিত সুশান্তৰ শৈশৱৰ ঘৰটো ৷
![সুশান্ত সিঙৰ নামত ফাউণ্ডেছনঃ নতুন প্ৰতিভাক সহায় কৰিব পৰিয়ালবৰ্গই Sushant Singh Rajput's childhood home to be turned into memorial](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7793864-thumbnail-3x2-a.jpg)
সুশান্ত সিঙৰ নামত ফাউণ্ডেছন গঠন
পৰিয়ালৰ লোকে এই কথাও ঘোষণা কৰে যে পাটনাস্থিত প্ৰয়াত অভিনেতাগৰাকীৰ শৈশৱৰ বাসগৃহটো তেওঁৰ অনুৰাগীসকলৰ বাবে স্মাৰকলৈ ৰূপান্তৰ কৰিব ৷ লগতে পৰিয়ালৰ লোকে সুশান্তক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ জনালে অনুৰাগীসকলক ৷
লগতে পঢ়কঃচাৰ্টলেছ শৰীৰ চৰ্চাৰ ফটো শ্বেয়াৰ অভিনেতা চলমান খানৰ