চিটাৰা ডেস্ক, 10 মাৰ্চ:আমেৰিকান লুনাৰ ছ’চাইটিয়ে নিজৰ ৱেবছাইটত উল্লেখ কৰিছে যে, প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিনটোক সুশান্ত মুন দিৱস হিচাপে আগন্তুক বৰ্ষৰ পৰা উদযাপন কৰিব (American lunar society tribute to Sushant Singh Rajput) ৷ 21 জানুৱাৰী 2023 ৰ পৰা আমেৰিকাই পালন কৰিব এই দিৱস ৷
অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে এতিয়াও জোকাৰি যাই সকলো অনুৰাগীকে ৷ আজিলৈকে ৰহস্য উদঘাটন ন’হল এই আকস্মিক মৃত্যুৰ ৷ 2020 চনৰ 14 জুনত নিজৰ ৰূমত উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ (SSR death) ৷
সুশান্ত সিং ৰাজপুত মৃত্যুৰ পিছতো সময়ে সময়ে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডত থাকে ৷ এনে সময়তে তেওঁৰ অনুৰাগীসকললৈ আহিল এটি সুখবৰ ৷ আমেৰিকাই উদযাপন কৰিবলৈ লৈছে সুশান্ত মুন দিৱস ৷ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকান লুনাৰ ছ’চাইটিয়ে ৷
মহাকাশৰে সৈতে সুশান্তৰ আছিল দুৰ্বাৰ প্ৰেম ৷ নিজৰ ইন্ষ্টাগ্ৰামতো সুশান্তে মাজে-সময়ে গেলেক্সীৰ ফটো আপলোড কৰিছিল ৷ মহাকাশৰ প্ৰতি থকা সুশান্তৰ এই দুৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকান লুনাৰ ছ’চাইটিয়ে ঘোষণা কৰিলে সুশান্ত মুন দিৱসৰ কথা (Remenbering sushant singh rajput) ৷ সুশান্তৰ অনুৰাগীসকলেও জানিছিল তেওঁৰ এই মহাকাশ প্ৰেমৰ কথা ৷