চিটাৰা ডেস্ক,14 জুলাইঃ বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে এই সংসাৰ এৰি যোৱা এটা মাহ পূৰ্ণ হ'ল ৷ অনুৰাগী তথা তেওঁৰ বন্ধু সকলে যথেষ্ট মিচ্ কৰে অভিনেতাগৰাকীক ৷
ইয়াৰ মাজতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ এটা মাহ পূৰ্ণ হোৱাৰ ক্ষণত তেওঁৰ ঘনিষ্ঠ বান্ধৱী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁৰ সৈতে উঠা পুৰণি ফটো শ্বেয়াৰ কৰে ৷ ফটোকেইখনৰ লগতে তেওঁ এটা আৱেগিক নোটো লিখে ইনষ্টাগ্ৰামযোগে ৷
তেওঁ লিখে," বৰ্তমানলৈকে মই নিজৰ ভাৱনাবোৰৰ সৈতে মুখামুখি হ'বলৈ ভয় খাইছো ৷ মোৰ বুকুৰ মাজত এটা শূণ্যতা আহি গৈছে ৷ এজন তুমিয়েই আছিলা যাৰ বাবে মই ভালপোৱা আৰু ভালপোৱাৰ শক্তিবোৰ অনুভৱ কৰিছিলো ৷ তুমিয়েই মোক কৈছিলা যে কেনেকৈ অংকৰ সমীকৰণৰ জৰিয়তে জীৱনৰ অৰ্থ বুজিব পৰা যায় ৷ মই তোমাৰ পৰা প্ৰত্যেক দিনাই শিকিছো ৷ মই এই কথা কেতিয়াও মানি ল'ব নোৱাৰিম যে তুমি এতিয়া ইয়াত নাই ৷ "
সুশান্ত সিং ৰাজপুতৰ সৈতে ৰিয়া চক্ৰৱৰ্তী
ইয়াৰোপৰি ৰিয়াই লিখে," মই জানো যে, এতিয়া তুমি যথেষ্ট শান্তিৰ ঠাইত আছা ৷ চন্দ্ৰ,তৰা, আকাশমাৰ্গে সকলোতকৈ মহান বৈজ্ঞানিক গৰাকীক মুক্ত হস্তে স্বাগত জনাইছে চাগে ৷ এতিয়া তুমিও সেই উজ্বলি থকা তৰাৰ মাজত এটা তৰা হ'লা ৷ মোৰ উল্কাপিণ্ড মই তোমাৰ অপেক্ষা কৰিম আৰু প্ৰাৰ্থনা কৰিম তুমি আকৌ মোৰ ওচৰলৈ ঘূৰি আহা ৷"
ৰিয়া চক্ৰৱৰ্তীৰ হোৱাটছ এপৰ প্ৰফাইল ফটো
লগতে নিজৰ হোৱাটছ এপৰ প্ৰফাইল ফটোখনো সুশান্তৰ সৈতে তোলা এখন ফটো ৰাখে অভিনেত্ৰী গৰাকীয়ে ৷
ৰিয়াৰ উপৰিও সুশান্তৰ মৃত্যুৰ এমাহ পূৰ্ণ হোৱাৰ দিনটোত সুশান্তক সুঁৱৰিলে অভিনেতাগৰাকীৰ অসংখ্য অনুৰাগীয়ে ৷ কেৱল অনুৰাগীয়েই নহয় সুশান্তক সুঁৱৰিলে অভিনেতাগৰাকীৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেৰ লগতে ছবি পৰিচালক মুকেশ ছাৱৰাই ৷
লগতে পঢ়কঃসুশান্তৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ,চাকি জ্বলালে অংকিতাই