অসম

assam

ETV Bharat / sitara

সুশান্তৰ আত্মহত্যা : উচ্চতম ন্যায়ালয়ত তদন্তৰ প্ৰতিবেদন দাখিল মহাৰাষ্ট্ৰ চৰকাৰৰ - ৰিয়া চক্ৰৱৰ্তীৰ আবেদন

এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, অহা 11 আগষ্টত সৰ্বোচ্চ আদালতে সুশান্তৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত শুনানিৰ তালিকাভুক্ত কৰিব ৷ মহাৰাষ্ট্ৰ চৰকাৰে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কৰা তদন্তৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত এক প্ৰতিবেদন দাখিল কৰে ৷

Sushant Singh Rajput death row
সুশান্তৰ আত্মহত্যা

By

Published : Aug 9, 2020, 9:25 AM IST

চিটাৰা ডেস্ক, 9 আগষ্ট: মহাৰাষ্ট্ৰ চৰকাৰে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কৰা তদন্তৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত এক প্ৰতিবেদন দাখিল কৰে ৷

সূত্ৰই সদৰি কৰা মতে, এই প্ৰতিবেদনযোগে ৰাজ্য চৰকাৰে এতিয়ালৈ সম্পন্ন কৰা তদন্তৰ বিৱৰণ দাখিল কৰিছে ৷ ইয়াৰোপৰি, শনিবাৰ অথবা সোমবাৰে এক পৃথক তথ্য দাখিল কৰিব বুলি সূত্ৰই জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, অহা 11 আগষ্টত সৰ্বোচ্চ আদালতে সুশান্তৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত শুনানিৰ তালিকাভুক্ত কৰিব ৷

আনহাতে, 5 আগষ্টত ৰিয়া চক্ৰৱৰ্তীৰ আবেদনত শুনানি গ্ৰহণ কৰাৰ পাচত সৰ্বোচ্চ আদালতে মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল, যাতে এই গোচৰ পাটনাৰ পৰা মুম্বাইলৈ স্থানান্তৰিত কৰাৰ ঘোষণা কৰিব পাৰে ৷

সুশান্তৰ পিতৃ কে.কে. সিঙে শনিবাৰে এক তথ্যৰ ভিত্তিত উচ্চতম ন্যায়ালয়ক সদৰি কৰি কয় যে, ৰিয়াই ঘটনাৰ সৈতে জড়িত সাক্ষীৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু চি.বি.আই তদন্ত সন্দৰ্ভতো ইউ-টাৰ্ন লয় ৷

ৰিয়াই জাৰি কৰা এক ইমেইলৰ ওপৰত ভিত্তি কৰি তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে, সেই মেইলটো সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানীয়ে মুম্বাই আৰক্ষীলৈ প্ৰেৰণ কৰিছিল ৷ গতিকে এই মেইলটোৰ সৈতে ৰিয়াক কিয় সংলগ্ন কৰা হৈছে?

অধিবক্তা নীতিন চালুজাই কয় যে, ‘‘মেইলটো পঞ্জীকৰণ কৰাৰ পাচত বৰ্তমান হস্তান্তৰিত হোৱা আবেদন দাখিল হোৱাৰ এদিন পূৰ্বে প্ৰেৰণ কৰা হৈছিল আৰু সেই অনুযায়ী উক্ত মেইলটো গোচৰৰ সহায় লৈ শুনানিৰ দ্বাৰা ক্ৰয় কৰা হৈছে ৷ অৱশ্যে এই বিষয়টোৰ ওপৰত পূৰ্বেই সন্দেহৰ চকু ৰখা হৈছিল ৷"

লগতে পঢ়ক:সুশান্তৰ প্ৰাক্তন মেনেজাৰ দীশাৰ মৃত্যুৰ কিছু মুহূৰ্তৰ পূৰ্বৰ পাৰ্টীৰ ভিডিঅ’ ভাইৰেল

ABOUT THE AUTHOR

...view details