অসম

assam

ETV Bharat / sitara

সুশান্তৰ আত্মহত্যা: উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ শুনানি - অধিবক্তা শতীশ মনেচিণ্ডে

সুশান্তৰ আত্মহত্যা সন্দৰ্ভত সুশান্তৰ ঘনিষ্ঠ বান্ধৱী ৰিয়া চক্ৰৱৰ্তীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ পাচত বুধবাৰে তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ উল্লেখ্য যে, আত্মহত্যাৰ ঘটনাৰ এই তদন্ত পাটনাৰ পৰা মুম্বাই আৰক্ষীলৈ স্থানান্তৰিত কৰিবলৈ ৰিয়া চক্ৰৱৰ্তীয়ে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছিল ৷

Sushant Singh Rajput death case: Supreme Court to hear Rhea Chakraborty's petition
সুশান্তৰ আত্মহত্যা: উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ শুনানি

By

Published : Aug 5, 2020, 11:23 AM IST

চিটাৰা ডেস্ক, 5 আগষ্ট: ক্ৰমাৎ সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা ঘটনাই লৈছে নতুন মোৰ ৷ অভিনেতা গৰাকীৰ মৃত্যু এক ৰহস্যজনক ‘হত্যাকাণ্ড’ হিচাপে পোহৰলৈ অহাৰ পাচত উচ্চতম ন্যায়ালয়ত আৰম্ভ হৈছে তদন্ত ৷ ইতিমধ্যে সুশান্তৰ আত্মহত্যা সন্দৰ্ভত এই তদন্ত পাটনাৰ পৰা মুম্বাই আৰক্ষীলৈ স্থানান্তৰিত কৰিবলৈ ঘনিষ্ঠ বান্ধৱী ৰিয়া চক্ৰৱৰ্তীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ পাচত বুধবাৰে তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷

আনহাতে, বিহাৰ চৰকাৰে ইতিমধ্যে চি.বি.আইৰ তদন্ত সন্দৰ্ভত আবেদন জনোৱা বুলি মঙলবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, সুশান্তৰ পিতৃয়ে বিহাৰৰ আৰক্ষী মহাপৰিদৰ্শক জি পাণ্ডেৰ সৈতে বাৰ্তালাপ কৰে আৰু চি.বি.আইৰ তদন্তৰ সিদ্ধান্তক সমৰ্থন কৰে ৷

ইয়াৰ পূৰ্বে ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তা শতীশ মনেচিণ্ডেই সদৰি কৰিছিল যে, বিহাৰ চৰকাৰে সুশান্তৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি.বি.আইৰ হাতত অৰ্পন কৰিব নোৱাৰে, কিয়নো বিহাৰ চৰকাৰৰ হাতত এই ঘটনাৰ তদন্তৰ বাবে কোনো অধিকাৰ নাই ৷ লগতে তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ত ৰিয়া চক্ৰৱৰ্তীৰ দ্বাৰা দাখিল কৰা আবেদনত উল্লেখ আছে যে, বিহাৰ আৰক্ষীৰ হাতত এই তদন্তৰ কোনো অধিকাৰ নাই ৷

সুশান্তৰ পিতৃ কে কে সিঙে সুশান্তৰ আত্মহত্যা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ বহুকেইটা ধাৰাৰ ভিত্তিত পাটনা আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পাচত পাটনা আৰক্ষীয়ে ৰিয়াৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ সম্প্ৰতি ঘটনাৰ তদন্তৰ বাবে বিহাৰ আৰক্ষীৰ এটা দল মুম্বাইত উপস্থিত হৈছে ৷

মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়ে যে, সুশান্তৰ আত্মহত্যাক লৈ এই পৰ্যন্ত 56 জনতকৈও অধিক লোকক সোধ-পোচ কৰা হৈছে, য’ত অভিনেতা গৰাকীৰ পৰিয়ালৰ লোক, তেওঁৰ আত্মীয় আৰু বলিউডৰ কৰ্মকৰ্তা অন্তৰ্ভুক্ত হৈ আছে ৷

লগতে পঢ়ক:সুশান্তৰ মৃত্যু সন্দৰ্ভত চি.বি.আই তদন্তৰ আবেদন নীতিশ কুমাৰৰ

ABOUT THE AUTHOR

...view details