অসম

assam

কেন্দ্ৰৰ ঘোষণা : সুশান্তৰ মৃত্যু সন্দৰ্ভত হ'ব চি.বি.আই তদন্ত

By

Published : Aug 5, 2020, 1:25 PM IST

Updated : Aug 5, 2020, 2:42 PM IST

বিহাৰ চৰকাৰৰ আবেদন স্বীকাৰ কৰিলে কেন্দ্ৰই ৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত চি.বি.আই তদন্তৰ বাবে মান্তি হৈছে কেন্দ্ৰীয় চৰকাৰ ৷

Sushant Singh Rajput death case: Center accepts Bihar's recommendation for CBI probe
কেন্দ্ৰৰ ঘোষণা সুশান্তৰ মৃত্যু সন্দৰ্ভত হ'ব চি.বি.আই তদন্ত

চিটাৰা ডেস্ক,5 আগষ্টঃবুধবাৰে কেন্দ্ৰই উচ্চতম ন্যায়ালয়েক জনালে যে,অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত চি.বি.আই তদন্ত কৰাৰ বাবে বিহাৰ চৰকাৰে কৰা আবেদন মঞ্জুৰ কৰিছে কেন্দ্ৰই ৷

সুশান্তৰ মৃত্যুৰ ডেৰ মাহৰ পিছতো কোনো শুংসূত্ৰ নোলাল মৃত্যুৰ ৰহস্যৰ ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই অভিনেতাগৰাকীৰ মৃত্যুৰ কাৰণ ৷ Solicitor General তুষাৰ মেহতাই বিচাৰক এচ.ৰায়ক জনাইছে বিহাৰ চৰকাৰে কৰা আবেদনৰ ভিত্তিত সুশান্তৰ মৃত্যুৰ তদন্তৰ দ্বায়িত্ব চি.বি.আইক অৰ্পণ কৰা হৈছে ৷

এইখিনিতে জনাই থওঁ যে, সুশান্তৰ পিতৃ কে.কে সিঙৰ দাবীৰ ভিত্তিতে বিহাৰ চৰকাৰে চি.বি.আই তদন্তৰ আবেদন জনায় ৷ মঙলবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰ চৰকাৰৰ তৰফৰ পৰা আবেদন জনাইছিল আৰু বুধবাৰে কেন্দ্ৰই মঞ্জুৰ কৰে এইআবেদন ৷

লগতে পঢ়কঃলাডাখ আৰু জম্মু-কাশ্মীৰত চীনৰ আক্ৰমণৰ প্ৰভাৱ

Last Updated : Aug 5, 2020, 2:42 PM IST

ABOUT THE AUTHOR

...view details