অসম

assam

ETV Bharat / sitara

SSR গোচৰ : ন্যায়িক জিম্মালৈ ড্ৰাগছ সৰবৰাহকাৰী কেশৱানী - নাৰ্কোটিকছ কন্ট্ৰল ব্য়ুৰো

23 ছেপ্তেম্বৰ পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ড্ৰাগছ সৰবৰাহকাৰী অনুজ কেশৱানীক ৷

ন্যায়িক জিম্মালৈ ড্ৰাগছ সৰবৰাহকাৰী কেশৱানী
SSR গোচৰ

By

Published : Sep 15, 2020, 7:32 AM IST

নেশ্যনেল ডেস্ক, 15 ছেপ্তেম্বৰ : সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে ড্ৰাগছৰ দিশ পোহৰলৈ অহাৰ পাচতে নাৰ্কোটিকছ কন্ট্ৰল ব্য়ুৰোই গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী অনুজ কেশৱানীক ৷ কেশৱানীক 23 ছেপ্তেম্বৰ পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ আন এক ড্ৰাগছ সৰবৰাহকাৰী কাইজেন ইব্ৰাহিমৰ স্বীকাৰোক্তিৰ ভিত্তিত কেশৱানীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

কেশৱানী আৰু কিছু লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত NCB য়ে মুম্বাইৰ বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ এই সকলৰ ভিতৰত উল্লেখযোগ্য় হল কৰণজিত সিং আনন্দ, দ্বাইনে ফাৰ্ণাণ্ডেজ, সংকেত পটেল, অঙ্কুষ অন্দৰেজা, সন্দীপ গুপ্তা আৰু আফটাব ফতেহ আনচাৰী ৷ এই সকলক মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰিছে ক্ৰিছ কোষ্টাক ৷

ড্ৰাগছৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইয়াৰ পূৰ্বে NCB য়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী, তেওঁৰ ভাতৃ শৌভিক, সুশান্তৰ মেনেজাৰ ছেমুৱেল মিৰাণ্ডা, ষ্টাফ সদস্য দিপেশ সাৱন্ত আৰু ড্ৰাগছ সৰবৰাহকাৰী আব্দুল বাছিত আৰু জেইদ ভিলাট্ৰাক ৷

ABOUT THE AUTHOR

...view details