অসম

assam

SSR গোচৰ : শৌভিক, ছেমুৱেলক আজি হাজিৰ কৰা হ'ব আদালতত

By

Published : Sep 5, 2020, 10:15 AM IST

নাৰ্ক'টিকছ কন্ট্ৰল ব্যুৰো (NCB) য়ে শুকুৰবাৰে মূল অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু ছেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰিছিল ৷ শনিবাৰে দুয়োজনকে আদালতত হাজিৰ কৰা হ'ব ৷

শৌভিক, ছেমুৱেলক আজি হাজিৰ কৰা হ'ব আদালতত
SSR গোচৰ

ছিটাৰা ডেস্ক, 5 চেপ্তেম্বৰ : নাৰ্ক'টিকছ কন্ট্ৰল ব্যুৰো (NCB) য়ে শুকুৰবাৰে মূল অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু ছেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰিছিল ৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত গোচৰত ড্ৰাগছৰ ব্যৱহাৰক লৈ দুয়োজনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

শৌভিক, ছেমুৱেলক আজি হাজিৰ কৰা হ'ব আদালতত

উল্লেখ্য যে, 34 বৰ্ষীয় অভিনেতাগৰাকীৰ মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে এনফৰ্চমেন্ট ডাৰেক্টৰেট (ED) আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI) য়ে ৷

শৌভিক আৰু ছেমুৱেল মিৰাণ্ডাক Narcotic Drugs and Psychotropic Substances (NDPS) আইনৰ বিভিন্ন দফাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ অভিযুক্ত দুয়োজনকে শনিবাৰে এখন আদালতত হাজিৰ কৰা হ'ব ৷ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া অনুসৰি, ঘটনা সম্পৰ্কত অধিক তথ্য সংগ্ৰহৰ বাবে দুয়োজনকে জিম্মাত লোৱা হৈছে ৷

NCB ৰ দ্বাৰা দুয়োজনকে 10 ঘন্টা ধৰি সোধাপোছা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় ৷ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, NCB য়ে ছান্ট্ৰাক্ৰুজ স্থিত শৌভিকৰ বাসগৃহ আৰু মাৰাণ্ডাৰ ছাব আৰ্বান অন্ধেৰীস্থিত বাসগৃহত পুৱা 6:30 বজাত তালাছী চলায় ৷ উল্লেখ্য যে, সেই বাসগৃহতে শৌভিক ৰিয়াৰ সৈতে বাস কৰে ৷

লগতে পঢ়ক :সুশান্ত ৰাজপুত গোচৰ : এনচিবিয়ে গ্ৰেপ্তাৰ কৰিলে চৌৱিক চক্ৰৱৰ্তীক

ABOUT THE AUTHOR

...view details