চিটাৰা ডেস্ক,18 জানুৱাৰীঃলাভৰঞ্জনৰ আগন্তুক ছবিত একেলগে কাম কৰিব অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে ৷ সম্প্ৰতি ৰণবীৰ কাপুৰ আৰু ছবি নিৰ্মাতাগৰাকীৰ সৈতে একেলগে কাম কৰিবলৈ উৎসাহিত হৈ পৰিছে শ্ৰদ্ধা কাপুৰ ৷ এতিয়ালৈকে ছবিখনৰ নাম চিন্তা কৰা হোৱা নাই যদিও পৰিচালকগৰাকীয়ে জনোৱা মতে, এই ছবিখনে প্ৰথমবাৰৰ বাবে একজোঁট কৰিছে ৰণবীৰ আৰু শ্ৰদ্ধাক ৷
শেহতীয়াকৈ শ্ৰদ্ধাই জনাই যে," লাভৰঞ্জনৰ ছবিত মই ৰণবীৰ কাপুৰৰ সৈতে একেলগে কাম কৰিম ৷ মই পৰিচালকগৰাকীৰ 'প্যাৰ কা পাঞ্চনামা', 'সৌনু কে টিটু কী চুইটী ' ছবি দুখন বহুত পচন্দ কৰো ৷ মই ৰণবীৰৰ সৈতে কাম কৰিবলৈ পাই যথেষ্ট উৎসাহিত হৈ পৰিছো ৷ তেওঁ আমাৰ পীড়িটোৰ আটাইতকৈ শ্ৰেষ্ঠ অভিনেতাসকলৰ অন্যতম ৷তেওঁৰ কামৰ প্ৰতি সদায়েই মোৰ আদৰ আছে ৷ ৰণবীৰৰ সৈতে মই ইয়াৰ আগতে ছবি কৰাৰ কোনো সুবিধা পোৱা নাছিলো আৰু মই তেওঁৰ লগত ছবি কৰিবৰ বাবে অপেক্ষা কৰি আছিলো ৷ "