অসম

assam

ETV Bharat / sitara

26 জুলাইত মুক্তি পাব হৃত্বিক ৰৌছনৰ 'ছুপাৰ 30'

কাংগানা ৰানাৱটৰ আহিবলগীয়া 'মেণ্টল হে কিয়া' ছবিৰ মুক্তিৰ দিন সলনি কৰাৰ পাচতেই চৰ্চা লাভ কৰিছিল হৃত্বিক ৰৌছনৰ 'ছুপাৰ 30'ৰ মুক্তিৰ দিন সাল-সলনি কৰাৰ কথা । ইয়াৰ পাচতেই এই কথা টুইটাৰ যোগে খণ্ডন কৰে ছুপাৰ ৩০'ৰ ছবি নিৰ্মাতাই ।

By

Published : May 9, 2019, 10:24 AM IST

26 জুলাইত মুক্তি পাব হৃত্বিক ৰৌছনৰ 'ছুপাৰ ৩০'

নিউজ ডেস্ক, ৯ মে':পূৰ্বৰ নিৰ্ধাৰিত তাৰিখতেই মুক্তি পাব হৃত্বিক ৰৌছনৰ বহু প্ৰত্যাশিত ছবি 'ছুপাৰ ৩০' । সকলো অনিশ্চয়তা খণ্ডন কৰি ২৬ জুলাইতে ছবিগৃহলৈ আহিব ‘ছুপাৰ ৩০’ । এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে ৰিলায়েঞ্চ এণ্টাৰটেনইমেণ্টৰ অফিচিয়েল পেজত ।

মেণ্টল হে কিয়া বনাম ছুপাৰ ৩০

উল্লেখ্য যে, কাংগানা ৰানাৱট আৰু ৰাজকুমাৰ ৰাওৰ অভিনীত 'মেণ্টল হে কিয়া' ছবিখনৰ মু্ক্তিৰ দিন পূৰ্বৰ ২১ জুনৰ পৰিৱৰ্তে ২৬ জুলাইত কৰাৰ ঘোষণা কৰা পাচতেই হৃত্বিক ৰৌছনৰ 'ছুপাৰ ৩০'ৰ মুক্তিৰ দিন সাল-সলনি কৰাৰ কথা চৰ্চা চলিছিল সৰ্বত্ৰে ।

ABOUT THE AUTHOR

...view details