চিটাৰা ডেস্ক, 24 ফ্ৰেব্ৰুৱাৰী: প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) প্ৰকাশ কৰিছে যে কোটিপতি ঠগ সুকেশ চন্দ্ৰশেখৰে তেওঁৰ সহযোগী পিঙ্কি ইৰাণীৰ সহযোগত বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰ, সাৰা আলী খান আৰু জাহ্নৱী কাপুৰৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছিল (ED revealed Sukesh tried to impress Sara Janhvi Bhumi) । । ইডিৰ এটা সূত্ৰই কৈছে যে পিঙ্কি ইৰাণীয়ে কেইগৰাকীমান অভিনেত্ৰীক তিহাৰ জেললৈ লৈ গৈছিল সুকেশক লগ কৰাবলৈ ৷ ইৰাণীয়ে এই অভিনেত্ৰী কেইগৰাকীৰ পৰিচয় প্ৰকাশ কৰা নাছিল । ছদ্ম নাম লৈ তেওঁ প্ৰায়ে বলীউডৰ অভিনেত্ৰীসকলক লগ কৰিবলৈ গৈছিল ।
এটা সূত্ৰই জানিবলৈ দিছে, "এখন বিএমডব্লিউ গাড়ীত বলীউডৰ অভিনেত্ৰীসকল তিহাৰ কাৰাগাৰৰ ৩ নম্বৰৰ গেটৰ পৰা উঠি গৈছিল । তাৰ পিছত এখন ইন’ভা গাড়ীয়ে অভিনেত্ৰীসকলক কাৰাগাৰৰ ভিতৰলৈ লৈ যায়, য'ত তেওঁলোকে সুকেশক লগ কৰে । সূত্ৰটোৱে লগতে কৈছে যে ইউনিটেকৰ সদস্য সঞ্জয় চন্দ্ৰ আৰু তিহাৰ কাৰাগাৰৰ কৰ্তৃপক্ষই অভিনেত্ৰী কেইগৰাকীক কাৰাগাৰৰ ভিতৰত লৈ গৈছিল । সুকেশে বিভিন্ন মডেল তথা বলীউডৰ তাৰকাসকলৰ বাবে প্ৰায় 20 কোটি টকা ব্যয় কৰিছে, অৱশ্যে বহুতে তেওঁৰ পৰা উপহাৰ ল’বলৈ অমান্তিও প্ৰকাশ কৰিছিল ৷