অসম

assam

By

Published : Aug 16, 2020, 6:32 PM IST

Updated : Aug 16, 2020, 6:43 PM IST

ETV Bharat / sitara

সুশান্তৰ আত্মহত্যাক মানি ল'ব পৰা নাই দিলজিৎ দোচাঞ্জে

টুইটাৰযোগে এজন অনুৰাগীক প্ৰত্যুত্তৰ দি কণ্ঠশিল্পী তথা অভিনেতা দিলজিৎ দোচাঞ্জে কয় যে, সুশান্তৰ আত্মহত্যাক এতিয়াও বিশ্বাস আৰু হজম কৰিব পৰা নাই ৷ জীয়াই থকা কালত মাত্ৰ দুবাৰেই সুশান্তক লগ পাইছিল তেওঁ ৷

Diljit Dosanjh on Sushant Singh Rajput
সুশান্তৰ আত্মহত্যাক হজম কৰিব পৰা নাই: দিলজিৎ দোচাঞ্জ

চিটাৰা ডেস্ক, 16 আগষ্ট: সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বলিউড আৰু পাঞ্জাৱী কণ্ঠশিল্পী তথা অভিনেতা দিলজিৎ দোচাঞ্জে ৷ সুশান্তে জীয়াই থকা কালত মাত্ৰ দুবাৰেই সুশান্তক লগ পাইছিল দিলজিৎ দোচাঞ্জে ৷ সুশান্তৰ আত্মহত্যাক এতিয়াও বিশ্বাস আৰু হজম কৰিব পৰা নাই বুলি কণ্ঠশিল্পী দিলজিতে সদৰি কৰে এই কথা ৷

ছ’চিয়েল মিডিয়াত এজন লোকে দিলজিৎ দোচাঞ্জক সুশান্তৰ ৰহস্যজনক হত্যাকাণ্ডৰ ন্যায়ৰ বাবে মাত মাতিবলৈ অনুৰোধ জনোৱাৰ পাচতে কণ্ঠশিল্পী গৰাকীয়ে টুইটযোগে #JusticeForSushantSinghRajput আৰু #GlobalPrayer4SSR হেচটেগৰ ব্যৱহাৰ কৰে ৷

লগতে তেওঁ কয় যে, ‘‘আৰক্ষীয়ে নিজৰ কাম কৰি আছে ৷ আমি অপেক্ষা কৰা উচিত ৷ আশা কৰিছো সত্য পোহৰলৈ আহিবই’’ ৷

ইয়াৰোপৰি উড়তা পঞ্জাৱ ষ্টাৰ দিলজিতে কয় যে, সুশান্তৰ অন্তিমখন ছবি ‘দিল বেচাৰা’ অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰাৰ বাবে তেওঁ সুখী নহয় ৷ ছবিখন ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিব লাগিছিল বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক:নিজৰ ব্ৰেণ্ডৰ মাস্ক মুকলি কৰি ট্ৰ'ল হ'ল চলমান খান

Last Updated : Aug 16, 2020, 6:43 PM IST

ABOUT THE AUTHOR

...view details