চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী : শ্বাহৰুখৰ জীয়ৰী সুহানা বৰ্তমান সদায় চৰ্চাত থাকে ৷ অতি শীঘ্ৰেই নিজৰ অভিনয় জীৱনৰ অভিষেক ঘটাব সুহানা খানে ৷
শেহতীয়াকৈ বগা ৰঙৰ লেহেংগাত ফটো তুলি অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সুহানা (Suhana Khan in white lehenga) ৷ বিখ্যাত ডিজাইনাৰ মনীষ মলহোত্ৰাৰ চিকাংকৰী লেহেংগাৰ দেশী লুকত সঁচাই সুহানাই দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ ৷
সোমবাৰে ডিজাইনাৰ গৰাকীয়ে নিজৰ ইন্ষ্টাগ্ৰামত সুহানা খানৰ তিনিখনকৈ ফটো পোষ্ট কৰে ( Manish Malhotra shares suhana khan pictures) ৷ তেনেই সাধাৰণ মেকআপৰ সৈতে এটা ক’লা ফোট পৰিধান কৰি এযোৰ ঝুমকাৰে সুহানাই নিজৰ লুকটো সম্পূৰ্ণ কৰিছে ৷