চিটাৰা ডেস্ক,20 জানুৱাৰীঃ সোমবাৰে মুক্তি পালে আয়ুষ্মান খুৰাণা অভিনীত ছবি শুভ মংগল জ্যাদা সাৱধানৰ ট্ৰেইলাৰ ৷ 2 মিনিট 41 ছেকেণ্ডৰ ভিডিঅ'টোত আয়ুষ্মান খুৰাণাৰ সৈতে দেখিবলৈ পোৱা গ'ল গজৰাজ ৰাও আৰু নীনা গুপ্তাক ৷
ছবিখনত 'ড্ৰিম গাৰ্ল' অভিনেতাগৰাকীয়ে এজন সমকামী পুৰুষৰ ৰূপত অভিনয় কৰিছে ৷ ট্ৰেইলাৰটোৱে দুজন পুৰুষৰ মাজৰ সম্বন্ধ আৰু পৰিয়ালবৰ্গই এই বিষয়ৰ ওপৰত দিয়া প্ৰতিক্ৰিয়াকে প্ৰকাশ কৰিছে ৷ সমকামিতা বিষয়টোৰ ওপৰত সমাজৰ প্ৰতিক্ৰিয়া আৰু সমকামী পুৰুষসকলৰ মনৰ অনুভৱৰ ওপৰত কেন্দ্ৰ কৰিয়েই ছবিখন নিৰ্মাণ কৰা হৈছে ৷ হিতেশ কেৱালাৰ দ্বাৰা নিৰ্দেশিত লগতে ভূষণ কুমাৰ, কৃষাণ কুমাৰ, আনন্দ এল ৰায় আৰু হিমাংশু শৰ্মাৰ দ্বাৰা সংযুক্তৰূপত নিৰ্মিত এই ছবিখন মুক্তি পাব 2020 বৰ্ষৰ 21 ফেব্ৰুৱাৰী তাৰিখে ৷