অসম

assam

ETV Bharat / sitara

সুশান্ত সিং ৰাজপুতৰ নামেৰে নামকৰণ দিল্লীৰ এটা পথ - দক্ষিণ দিল্লী পৌৰ নিগমৰ কংগ্ৰেছ কাউন্সিলাৰ অভিষেক দত্তই অভিনেতাগৰাকীৰ ৩৫ সংখ্যক জন্মদিনৰ দিনা পথটোৰ নাম পৰিৱৰ্তনৰ প্ৰস্তাৱক মঞ্জুৰী প্ৰদান

বলিউড অভিনেতা প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ স্মৃতিত নামকৰণ কৰা হ'ব দিল্লীৰ এটা পথ । সুশান্তৰ মৃত্যুৰ ছমাহ পাচত পথচোৱাৰ নাম পৰিৱৰ্তনৰ বাবে অনুৰোধ জনোৱা হৈছিল ।

সুশান্ত সিং ৰাজপুতৰ নামেৰে নামকৰণ দিল্লীৰ এটা পথ
সুশান্ত সিং ৰাজপুতৰ নামেৰে নামকৰণ দিল্লীৰ এটা পথ

By

Published : Jan 22, 2021, 1:09 PM IST

চিটাৰা ডেস্ক, ২২ জানুৱাৰী: বলিউড অভিনেতা প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ নামেৰে নামকৰণ কৰা হ'ব দিল্লীৰ এণ্ড্ৰিইউ'ছ গঞ্জৰ এটা পথ । বৃহস্পতিবাৰে দক্ষিণ দিল্লী পৌৰ নিগমৰ কংগ্ৰেছ কাউন্সিলাৰ অভিষেক দত্তই অভিনেতাগৰাকীৰ ৩৫ সংখ্যক জন্মদিনৰ দিনা পথটোৰ নাম পৰিৱৰ্তনৰ প্ৰস্তাৱক মঞ্জুৰী প্ৰদান কৰে ।

সুশান্ত সিং ৰাজপুতৰ নামেৰে নামকৰণ দিল্লীৰ এটা পথ

সুশান্তৰ মৃত্যুৰ ছমাহ পাচত তেওঁৰ স্মৃতিত দিল্লীৰ এণ্ড্ৰিইউ'ছ গঞ্জৰ এটা পথৰ নাম পৰিৱৰ্তনৰ প্ৰস্তাৱৰ অনুৰোধ জনোৱা হৈছিল । সেই অনুসৰিয়েই বৃহস্পতিবাৰে উক্ত প্ৰস্তাৱক মঞ্জুৰী প্ৰদান কৰা হয় ।

অতিশীঘ্ৰে এই পথটোৰ উদ্বোধনী কৰা হ'ব আৰু তেওঁৰ প্ৰাপ্যখিনিক সন্মান জনোৱাটো আমাৰ কৰ্তব্য বুলি এইদৰে মন্তব্য কৰে কাউন্সিলাৰ অভিষেক দত্তই ।

উল্লেখ্য যে, বৃহস্পতিবাৰে সুশান্ত সিং ৰাজপুতৰ ৩৫ সংখ্যক জন্মদিনৰ দিনা তেওঁৰ স্মৃতি সুঁৱৰি বলীউডৰ কেবাগৰাকী বিশিষ্ট তাৰকাৰ লগতে অলেখ শুভাকাংশীয়ে ছচিয়েল মিডিয়াত শ্ৰদ্ধাঞ্জলি জনায় । এই দিনটোতেই সুশান্তৰ ভগ্নী শ্বেতা সিং কৃতিয়ে বিশেষ জলপানিৰ ঘোষণা কৰে ।

২০২০ চনৰ ১৪ জুনত মহাৰাষ্ট্ৰৰ বান্দ্ৰাস্থিত নিজ গৃহত আত্মহত্যা কৰে । তেওঁৰ মৃত্যুক লৈ সমগ্ৰ বলীউড জগততে এক বিতৰ্কৰ সৃষ্টি হৈছিল । তেওঁৰ মৃত্যু সন্দৰ্ভত প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি ৰিয়াৰ বিৰুদ্ধে গোচৰৰ অন্ত পৰা নাই । বৰ্তমানেও সুশান্তৰ মৃত্যু সন্দৰ্ভত চি বি আইৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক:হেপী বাৰ্থডে সুশান্ত : বলিউডৰ উৰ্ধত সপোন দেখা তাৰকাগৰাকীক স্মৰণ

ABOUT THE AUTHOR

...view details