চিটাৰা ডেস্ক,25 জানুৱাৰীঃ 24 জানুৱাৰীত মুক্তি লাভ কৰিছে ৰেম' ডিচুজাৰ দ্বাৰা নিৰ্দেশিত ছবি ষ্ট্ৰীট ডাঞ্চাৰ 3 ডি আৰু অশ্বিনী আয়াৰ তিৱাৰীৰ ছবি পাংগা ৷ এফালে যদি ৰেম' ডিচুজাই অসাধাৰণ নৃত্য ভংগীমাৰে কাহিনী উপস্থাপন কৰিছে আনফালে অশ্বিনী আয়াৰে কাবাডী খেলৰ জৰিয়তে কাহিনীটোৰ এক সুন্দৰ উপস্থাপন কৰিছে ৷
চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শই চ'ছিয়েল মিডিয়াত দুয়োখন চলচ্চিত্ৰৰে বক্স অফিচত প্ৰথমদিনৰ অৰ্জন প্ৰকাশ কৰিছে ৷ ষ্ট্ৰীট ডাঞ্চাৰ 3 ডিয়ে প্ৰথম দিনাই ডাবল ডিজিটেৰে আৰম্ভণি কৰে ৷ যুৱ প্ৰজন্মক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখনে তানহাজী ঢৌৰ মাজতে যথেষ্ট ভাল অৰ্জন কৰিছে ৷ মুক্তিৰ দিনাই ছবিখনে অৰ্জন কৰে 10.26 কোটি টকা ৷ ইফালে অশ্বিনী আয়াৰৰ পাংগাই তুলনাত্মক ৰূপত প্ৰথমটো দিনত ইমান ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা নাই ৷ মুক্তিৰ প্ৰথমটো দিনত ছবিখনে অৰ্জন কৰিছে 2.70 কোটি টকা ৷