চিটাৰা ডেস্ক, ২৭ আগষ্ট: ছবি নিৰ্মাতা এছ এছ ৰাজামৌলী(SS Rajamouli)ৰ বহু চৰ্চিত ছবি "RRR" দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে । তেলেগু ভাষাৰ ছবিখনৰ জৰিয়তে আল্লুৰী সীতাৰাম ৰাজু আৰু স্বাধীনতা সংগ্ৰামী কুমাৰম ভীমৰ কৰ্মৰাজিক কাল্পনিক কাহিনীৰ ৰহন দিয়া হৈছে । এনটি ৰামা ৰাও জুনিয়ৰ আৰু ৰাম চৰণে ছবিখনৰ মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে । বৃহস্পতিবাৰে "RRR"ৰ অফিচিয়েল টুইটাৰ পেজত নিৰ্মাতাই ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰে ।
কেইটামান পিক আপ শ্বটৰ বাহিৰে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে বুলি টুইটটোত উল্লেখ কৰা হৈছে । ২০১৮ চনৰ ১৯ নৱেম্বৰত এনটি ৰামা ৰাও জুনিয়ৰ আৰু ৰাম চৰণৰ বাইকেৰে অহা শ্বটেৰে দৃশ্যগ্ৰহণ আৰম্ভ কৰা হৈছিল আৰু এতিয়া একেদৰে বাইকেৰে অহা শ্বটেৰেই দৃশ্যগ্ৰহণ সমাপ্ত কৰা হয় । দৃশ্যগ্ৰহণৰ পৰৱৰ্তী কামবোৰ দ্ৰুত গতিত আগবাঢ়িছে বুলিও নিৰ্মাতাই জানিবলৈ দিয়ে । আনহাতে, আন এটা পোষ্টত, ছবি নিৰ্মাতাই ৰাম চৰণ আৰু এনটি ৰামা ৰাও জুনিয়ৰৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে ।
এই ভিডিঅ'টোত দুয়োকে নিজ নিজ বাহনেৰে দৃশ্যগ্ৰহণস্থলীৰ পৰা ওলাই যোৱা দেখা গৈছে । উল্লেখ্য যে, ২০১৮ চনৰ নৱেম্বৰতে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল যদিও ২০২০ চনৰ মাৰ্চ মাহত কৰ'ণা মহামাৰীৰ বাবে দৃশ্যগ্ৰহণ বন্ধ হৈ যায় ।