চিটাৰা ডেস্ক, 2 মাৰ্চ : পাথান শীৰ্ষক ছবিখনেৰে চাৰি বছৰৰ মূৰত ৰূপালী পৰ্দালৈ প্ৰত্যাগমন কৰিব বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে (Shah Rukh Khan new movie) ৷ পাথান ছবিখনৰ প্ৰডাকচন হাউচ য়শ ৰাজ ফিল্মছ্ এ বুধবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰি ঘোষণা কৰে ছবিখনৰ মুক্তিৰ তাৰিখ ৷
ছবিখন নিৰ্দেশনা কৰিছে সিদ্ধাৰ্থ আনন্দে ৷ দীপিকা পাডুকন আৰু জন আব্ৰাহামেও অভিনয় কৰিছে ছবিখনত (Pathan movie cast) ৷ ভিডিঅ’টোৰে ছবিখনত শ্বাহৰুখৰ পাথান লুকটো কিছু সংক্ষিপ্তকৈ দেখা পোৱা গৈছে ৷
2018 চনত জিৰোত দেখা পোৱা গৈছিল শ্বাহৰুখক ৷ অভিনেতাজনেও নিজৰ টুইটাৰ হেণ্ডেলত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে পাথানৰ মুক্তিৰ তাৰিখ (Shah Rukh Khan latest news ) ৷