চিটাৰা ডেস্ক, 24 ফ্ৰেব্ৰুৱাৰী: আজি শ্ৰী দেৱীৰ চতুৰ্থ সংখ্যক মৃত্যু বাৰ্ষিকী (Sridevi death anniversary) ৷ 2018 চনৰ 24 ফ্ৰেব্ৰুৱাৰীত ডুবাইৰ এখন হোটেলৰ বাথৰুমত উদ্ধাৰ হৈছিল শ্ৰী দেৱীৰ মৃতদেহ ৷ উল্লেখযোগ্য যে, ডুবাইত পৰিয়ালৰ বিবাহ অনুষ্ঠান উপভোগ কৰিবলৈ সপৰিয়ালে গৈছিল শ্ৰী দেৱী ৷
বলীউডৰ এই বলিষ্ঠ অভিনেত্ৰী গৰাকী আজি আমাৰ মাজত নাই যদিও নিজৰ কৰ্মেৰে তেওঁ সদায় আমাৰ মাজত জীয়াই আছে আৰু আগলৈয়ো জীয়াই থাকিব ৷ সকলোৰে মৰমৰ অভিনেত্ৰী শ্ৰী দেৱীৰ অৱশ্যে বহুতো কাহিনী আছে ৷ কিন্তু আজি জানো আহক তেওঁৰ বিশেষ 5 টা কথা (Five facts of Sridevi) যি কেইটা কেৱল অভিনেত্ৰী গৰাকীৰ ডাই-হাৰ্ড ফেন বোৰেহে জানে ৷
1.বনি কাপুৰলৈ কেতিয়া খং উঠে শ্ৰী দেৱীৰ
হাঁহিমুখীয়া স্বভাৱৰ আছিল শ্ৰী দেৱী ৷ প্ৰতিটো দিনেই নতুনকৈ জীয়াই থকাত বিশ্বাস কৰিছিল তেওঁ ৷ পৰিয়ালৰ লগত বেছিকৈ সময় অতিবাহিত কৰি ভাল পাইছিল অভিনেত্ৰী গৰাকীয়ে ৷ বনি কাপুৰ আৰু শ্ৰী দেৱীৰ মাজত অসীম ভালপোৱা আছিল যদিও এটা কথাত শ্ৰী দেৱীয়ে বেয়া পাইছিল স্বামীক ৷ বনি কাপুৰে কেতিয়াবা ধেমালিতে বয়সৰ কথা মনত পেলাই দিলে খং উঠিছিল শ্ৰী দেৱীৰ ৷
2.কোনটো কথাত শ্ৰী দেৱীয়ে নকৰে কম্প্ৰমাইজ
সুন্দৰতাৰ প্ৰতীক আছিল শ্ৰী দেৱী ৷ কোনেও ফেৰ মাৰিব নোৱাৰা বিধৰ আছিল তেওঁৰ সৌন্দৰ্য ৷ নিজৰ সৌন্দৰ্যৰ প্ৰতি সদা সচেতন অভিনেত্ৰী গৰাকীয়ে সেইবাবে কেতিয়াও কৰা নাছিল নিজৰ খোৱা লোৱাৰ সৈতে কম্প্ৰমাইজ ৷ নিজৰ লুকটো লৈ কেতিয়াও কম্প্ৰমাইজ কৰিব বিচৰা নাছিল বাবে যিকোনো অনুষ্ঠানলৈ ৰেডি হওঁতে যথেষ্ট সময় লৈছিল শ্ৰী দেৱীয়ে ৷