চিটাৰা ডেস্ক, 26 অক্টোবৰ : পোলেণ্ডৰ The City Council of Wroclawয়ে অভিনেতা অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰায় বচ্চনৰ নাম এটি বৰ্গাকাৰত লিপিবদ্ধ কৰি হৰিবংশ ৰায় বচ্চনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বলিউড আইকন অমিতাভ বচ্চনে ইনষ্টাগ্ৰামযোগে এখন ফটো শ্বেয়াৰ কৰি এই কথা ব্যক্ত কৰে ৷
বিগ বিয়ে মন্তব্য কৰে যে, "পোলেণ্ডৰ The City Council of Wroclawয়ে মোৰ পিতৃৰ নাম এক বৰ্গাকাৰত লিপিবদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিজয়া দশমী শুভক্ষণত ইয়াতকৈ আৰু ভাল উপহাৰ একো হ’ব নোৱাৰে ৷ আমাৰ পৰিয়াল আৰু ৰোকলাৱৰ ভাৰতীয় সংস্কৃতিৰ বাবে এয়া এক গৰ্বৰ বিষয়...জয় হিন্দ ৷"