চিটাৰা ডেস্ক,28 জুলাইঃনিজৰ ফিটনেছক লৈ যথেষ্ট সজাগ হৈ থাকে অভিনেত্ৰী সোনম কাপুৰ ৷ শেহতীয়াকৈ অভিনেত্ৰী গৰাকীৰ 14 দিনৰ কোৱাৰেন্টাইন শেষ হোৱাৰ পিছত পুনৰ শৰীৰ চৰ্চাত ব্যস্ত হৈ পৰিছে অভিনেত্ৰী গৰাকী ৷
ছ'চিয়েল মিডিয়া যোগে অভিনেত্ৰীয়ে শ্বেয়াৰ কৰিছে জিমত তোলা এখন ফটো ৷ লণ্ডনত 14 কোৱাৰেন্টাইন শেষ হোৱাৰ পিছত পুনৰ জিমলৈ যাবলৈ লৈছে অভিনেত্ৰী সোনম কাপুৰে ৷
ইনষ্টাগ্ৰাম যোগে তেওঁ এই কথা জনাইছে অনুৰাগীসকলক ৷ জিমৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে, য'ত তেওঁক এটা ক'লা লেগিংগ আৰু বগা টি-চাৰ্ট পিন্ধি থকা দেখিবলৈ পোৱা গৈছে ৷ অৱশ্যে অভিনেত্ৰীগৰাকীয়ে সুৰক্ষাৰ দিশটোলৈ লক্ষ্য কৰি এখন ক'লা ৰঙৰ মাস্কো পৰিধান কৰা পৰিলক্ষিত হৈছে ফটোখনত ৷