অসম

assam

ETV Bharat / sitara

Sonakshi gives sassy reply to a fan: বিয়াৰ কথা সোধা অনুৰাগীক এইদৰে কিয় ক’লে সোনাক্ষী সিন্হাই

সততে নিজৰ পাৱাৰফুল ষ্টেটমেণ্টৰ বাবে চৰ্চাত থকা সোনাক্ষী সিন্হা আকৌ এইবাৰ চৰ্চালৈ আহিছে নিজৰ অনুৰাগীক অদ্ভূত ৰিপ্লাই দি (Sonakshi gives sassy reply to a fan) ৷ জানোচোন আহক কি ক’লে এইবাৰ দাবাংগ গাৰ্ল গৰাকীয়ে...

Sonakshi gives sassy reply to a fan
অনুৰাগীলৈ সোনাক্ষীৰ চেভেজ ৰিপ্লাই

By

Published : Jan 24, 2022, 5:24 PM IST

চিটাৰা ডেস্ক, 24 জানুৱাৰী : বিয়াৰ চিজনবোৰ যিমানেই বেছি মনোৰঞ্জনমূলক নহওক কিয়, চিংগলচবোৰৰ বাবে কিন্তু ই দুৰ্বিসহ ৷ কিয়নো বিয়াৰ চিজনে চিংগলচলৈ বিয়াৰ প্ৰস্তাৱৰ লগতে লৈ আহে অজস্ৰ প্ৰশ্নৰ টোপোলা ৷ বিয়া কেতিয়া পাতিবা, বিয়াৰ বাবে পাত্ৰ-পাত্ৰী চাইছানে ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰিব পৰাকৈ বিয়াবোৰ চিংগলচৰ বাবে আমনিদায়ক হৈ পৰে ৷

অনুৰাগীলৈ সোনাক্ষীৰ চেভেজ ৰিপ্লাই

বলীউডৰ অভিনেতা-অভিনেত্ৰী সকলো সাৰি নেযায় এই প্ৰশ্নবাণৰ পৰা ৷ শেহতীয়াকৈ সামাজিক মাধ্য়মত এই প্ৰশ্নৰ মুখামুখি হ’ল শত্ৰুঘ্ন সিন্হাৰ জীয়াৰী তথা বলীউডৰ দাবাংগ গাৰ্ল সোনাক্ষী সিন্হা (Sonakshi gives sassy reply to a fan) ৷ পিছে সোনাক্ষী আগৰ পৰাই নিজৰ Witty reply বোৰৰ বাবে বিখ্যাত ৷ এনেধৰণৰ প্ৰশ্নবোৰক কেনেদৰে প্ৰত্যুত্তৰ দিব লাগে সেইয়া অভিনেত্ৰী গৰাকীয়ে বাৰুকৈয়ে জানে ৷

এটা চাট্ চেছনত এগৰাকী অনুৰাগীয়ে সোনাক্ষীক, "Mam everyone is getting married when will u get married?" বুলি সোধা প্ৰশ্নৰ উত্তৰত সোনাক্ষীয়ে ৰিপ্লাই দিলে এইদৰে, "Everyone is also getting COVID? Should I get that too??"

লগতে পঢ়ক:Rohman shares video of setting sun: ব্ৰেকআপৰ পিছত ৰহমানৰ পোষ্ট

ABOUT THE AUTHOR

...view details