নতুন দিল্লী, 12 জুন: বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী সোনাক্ষী সিন্হাৰ অনুৰাগীসকলৰ বাবে সুখবৰ ৷ কিছু দিনৰ বিৰতিৰ পাচত আকৌ আহি আছে সোনাক্ষীৰ অভিনীত নতুন ছবি ৷ মঙলবাৰে অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামযোগে প্ৰকাশ কৰিলে তেওঁৰ আহিবলগীয়া আগন্তুক ছবিখনৰ বিষয়ে ৷
ছবিগৃহলৈ আহিব সোনাক্ষীৰ নতুন ছবি ‘খানদানী চাফাখানা’ - Dabbang 3
অনুৰাগীসকলক আচৰিত কৰি সোনাক্ষীয়ে ইনষ্টাগ্ৰাম প্ৰকাশ কৰিলে এই কথা ৷

etv bharat
সোনাক্ষীয়ে কয় যে, আহিবলগীয়া নতুন ছবিখনৰ নাম ‘খানদানী চাফাখানা’ ৷ চলিত বৰ্ষৰ 26 জুলাই তাৰিখে ভাৰতৰ ছবিগৃহত মুক্তি পাব ছবিখন ৷ শিল্পী দাস গুপ্তা পৰিচালিত ছবিখনত সোনাক্ষী সিন্হাৰ সৈতে দেখা পোৱা যাব, বৰুণ শৰ্মা, গৌতম মেহৰা, অন্নু কাপুৰৰ লগতে কেইবাগৰাকীও অভিনেতা ৷ ছবিখনৰ প্ৰযোজনা ভূষণ কুমাৰ, মৃঘদীপ সিং লাম্বা আৰু মহাবীৰ জৈনৰ ৷
ইয়াৰ উপৰিও, ‘Dabbang 3’ ছবিখনৰ শ্বুটিঙটো ব্যস্ত হৈ আছে অভিনেত্ৰী গৰাকী ৷ চলিত বৰ্ষৰ 20 ডিচেম্বৰত মুক্তি পাব ছবিখনে ৷
Last Updated : Jun 12, 2019, 7:20 AM IST