অসম

assam

ETV Bharat / sitara

দাবাংগ-3ৰ উপাৰ্জনতকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টো অধিক গুৰুত্বপূৰ্ণঃ সোণাক্ষী সিনহা - নাগৰিকত্ব সংশোধনী আইন

মুক্তি পালে সোণাক্ষী সিনহাৰ নতুন ছবি দাবাংগ-3 ৷ ছবিখন মুক্তিৰ পিছতে দাবাংগ-3 আৰু নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

Sonakshi: Anti-CAA stir more important than Dabangg 3 earnings
সোণাক্ষী সিনহা

By

Published : Dec 23, 2019, 6:18 PM IST

চিটাৰা ডেস্ক,23 ডিচেম্বৰঃ শুকুৰবাৰে মুক্তি পালে চলমান খান সোণাক্ষী সিনহা অভিনীত চিকেুৱেল ছবি দাবাংগ-3 ৷ সোণাক্ষী সিনহাই শেহতীয়াকৈ মন্তব্য কৰে যে, "দাবাংগ-3ৰ প্ৰথম দিনটোৰ উপাৰ্জনৰ কথা চৰ্চা কৰাতকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা সন্দৰ্ভত চৰ্চা কৰাটো এই সময়ত বেছি গুৰুত্বপূৰ্ণ ৷ "

সোণাক্ষী সিনহা

নাগৰিকত্ব সংশোধনী আইনৰ কথা উল্লেখ কৰি অভিনেত্ৰীগৰাকীয়ে কয়, "আমি সকলোৱে জানো যে, সমগ্ৰ দেশতে কি হৈ আছে ৷ মই ভাবো যে, মানুহে জানে কি অধিক গুৰুত্বপূৰ্ণ ৷ কিন্তু ছবিখনক লৈ মানুহৰ যি প্ৰতিক্ৰিয়া তাক লৈ মই যথেষ্ট সুখী ৷ এই সন্ধিক্ষণত সমগ্ৰ দেশে এই সন্দৰ্ভত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে একজোঁট হৈছে আৰু ছবিখনৰ তুলনাত ই অধিক গুৰুত্বপূৰ্ণ ৷ " লগতে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত নিজৰ মত দাঙি ধৰি কয় যে, "মই দেশৰ জনতাৰ লগত আছোঁ ৷ "

"মানুহে ৰাজপথলৈ ওলাই আহি বিৰোধিতা কৰিছে, সেই অধিকাৰ তেওঁলোকৰ পৰা কাঢ়ি নিব নোৱাৰে ৷ মই তেওঁলোকক লৈ যথেষ্ট গৌৰৱ কৰোঁ যিসকলে এনেদৰে বাহিৰলৈ ওলাই আহি নিজৰ মতামত প্ৰকাশ কৰিছে ৷ মই তেওঁলোকৰ লগত আছোঁ ৷"

বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে এই সন্দৰ্ভত মত প্ৰকাশ কৰিবলৈ অনিচ্ছুক হোৱা বিষয়ক লৈ তেওঁক প্ৰশ্ন কৰাত 32 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কয় যে, " মই ভাবো যে, যাৰ এই ক্ষেত্ৰত মত প্ৰকাশ কৰিবৰ ইচ্ছা হৈছে তেওঁলোকে দিছে আৰু যাৰ হোৱা নাই তেওঁলোকে দিয়া নাই ৷ এইয়াও সম্পূৰ্ণ তেওঁলোকৰ নিজৰ অধিকাৰ ৷ "

লগতে পঢ়কঃগুৱাহাটীত বৰদিনৰ ব্যাপক প্ৰস্ততি

ABOUT THE AUTHOR

...view details