চিটাৰা ডেস্ক,25 মে’: সোমবাৰে ছ’চিয়েল মিডিয়াযোগে ক’ভিড মহামাৰীৰ পূৰ্বে ব্যয় হোৱা সঞ্চয় ধন সম্পৰ্কে অৱগত কৰে বলীউডৰ কণ্ঠশিল্পী সোণা মহাপাত্ৰই ৷ ক’ভিডৰ পূৰ্বে নিৰ্মাণ কৰা সোণা মহাপাত্ৰৰ তথ্যচিত্ৰ ‘চাট্ আপ সোণা’ৰ বাবে তেওঁৰ সকলো সঞ্চয় কৰা ধন খৰচ হৈছিল ৷ ইফালে বৰ্তমান লক ডাউনৰ বাবে উপাৰ্জনৰ কোনো উপায় তেওঁৰ হাতত নাই বুলি কণ্ঠশিল্পীগৰাকীয়ে দুখ প্ৰকাশ কৰে ৷
টুইটযোগে সোণাই কয় যে, তেওঁৰ এই ছবিখন বিশ্বৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত হৈছে যদিও ছবিখনৰ নিৰ্মাণৰ বিনিময়ত সকলো সঞ্চয় ধন শেষ হৈ যায় ৷ এক পৃথক টুইটযোগে কণ্ঠশিল্পীগৰাকীয়ে ঘোষণা কৰে যে, তেওঁৰ তথ্যচিত্ৰখনে নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ 2022ত ‘শ্ৰেষ্ঠ তথ্যচিত্ৰ’ৰ শ্ৰেণীত মনোনীত হৈছে ।