অসম

assam

ETV Bharat / sitara

ছামথিং কুকিংঃ টাইগাৰে অনুৰাগীক অনুমান কৰিবলৈ ক'লে তেওঁ কি কৰিছে

শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টযোগে অনুৰাগীৰ সৈতে ধেমালি কৰিলে অভিনেতা টাইগাৰ শ্ৰফে । অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰিলে দুখনকৈ ফটো আৰু কেপচন দিলে 'ছামথিং কুকিং' । অভিনেতাগৰাকীয়ে কি কৰি আছে সেই বিষয়ে অনুৰাগীক অনুমান কৰিবলৈ কয় ।

By

Published : Dec 23, 2020, 7:31 PM IST

'ছামথিং কুকিং', টাইগাৰে অনুৰাগীক অনুমান কৰিবলৈ ক'লে তেওঁ কি কৰিছে
'ছামথিং কুকিং', টাইগাৰে অনুৰাগীক অনুমান কৰিবলৈ ক'লে তেওঁ কি কৰিছে

চিটাৰা ডেস্ক, ২৩ ডিচেম্বৰ: দুখন ফটোৰ জৰিয়তে ইনষ্টাগ্ৰামৰ অনুৰাগীৰ সৈতে ধেমালি কৰিলে অভিনেতা টাইগাৰ শ্ৰফে । ফটোকেইখনত দৃশ্যগ্ৰহণৰ বাবে তেওঁ সাজু হৈ থকা দেখা গৈছে । কিন্ত কি ছবি অথবা ছিৰিজৰ বাবে দৃশ্যগ্ৰহণ চলিছে সেই বিষয়ে অভিনেতাগৰাকীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই । ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰা ফটোকেইখনৰ কেপচনত টাইগাৰে লিখিছে 'ছামথিং কুকিং, অনুমান কৰক কি ?'

অভিনেতাগৰাকীয়ে ২.৭ মিলিয়ন অনুৰাগীৰ পৰা কিছু পৃথক প্ৰতিক্ৰিয়া আশা কৰিছিল যদিও বেছিসংখ্যক অনুৰাগীৰ পৰা তেওঁৰ শৰীৰৰ প্ৰশংসাত ফায়াৰ ইম'জি লাভ কৰে । যোৱা ২৩ নৱেম্বৰত একেই ফটো ধেমলীয়া কেপচনৰ সৈতে টাইগাৰে শ্বেয়াৰ কৰিছিল । তেওঁৰ মাতৃ আয়েছা শ্ৰফেও সেই সময়ত বিশেষ কিবা এটা শীঘ্ৰেই প্ৰকাশ পোৱাৰ ইংগিত দিয়ে ।

টাইগাৰক আগন্তুক ছবি 'গণপথত' দেখা পোৱা যাব । ২০২১ চনৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ'ব । 'হিৰপন্তি'ৰ ছিকুৱেলৰ লগতে টাইগাৰে শীঘ্ৰেই 'বাঘী-৪'ৰ দৃশ্যগ্ৰহণো আৰম্ভ কৰিব ।

লগতে পঢ়ক:দ্যা হোৱাইট টাইগাৰ'ৰ ট্ৰেইলাৰ মুকলিত আপ্লুত দৰ্শক

ABOUT THE AUTHOR

...view details