অসম

assam

ETV Bharat / sitara

প্ৰধানমন্ত্ৰী মোডীলৈ কিয় স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সংগীত তাৰকাই ? - পশুৰ সৈতে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বাবে অনুৰোধ

পশুৰ ওপৰত হোৱা অত্যাচাৰ ৰোধৰ দাবীৰে সৰৱ সংগীত তাৰকা ৷ বলীউডৰ বহু কন্ঠশিল্পীয়ে স্বাক্ষৰ কৰি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোডীলৈ ৷য'ত পশুৰ সৈতে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ শাস্তি অনুৰোধ কৰিছে ৷ এই সংগীত তাৰকা সকলৰ ভিতৰত নেহা কক্কৰ, জেচলিন ৰয়েল, নিশিতা গান্ধী আৰু শাশ্বত সিঙৰ দৰে বহু তাৰকাই স্বাক্ষৰ কৰিছে এই স্মাৰক পত্ৰত ৷

singers to pm modi strengthen penalties for animal abuse
প্ৰধানমন্ত্ৰী মোডীলৈ কিয় স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সংগীত তাৰকাই ?

By

Published : Jun 21, 2020, 5:16 PM IST

চিটাৰা ডেস্ক,21জুনঃনেহা কক্কৰ, জেচলিন ৰয়েল, নিশিতা গান্ধী আৰু শাশ্বত সিং সহ বহু সংগীত তাৰকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷ য'ত তেওঁলোকে কোনো মানুহে পশুৰ সৈতে কৰা দুৰ্ব্যৱহাৰ সন্দৰ্ভত গুৰুতৰ শাস্তি দাবী কৰিছে ৷

People for the Ethical Treatment of Animals Indiaৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে the prevention of cruelty to animals act,1960ক অধিক সষ্টম কৰাৰ অৰ্থে এই স্মাৰক পত্ৰখনত স্বাক্ষৰ কৰিছে সংগীত তাৰকা কেইগৰাকীয়ে ৷

কিছুদিন পূৰ্বে কেৰালাত গৰ্ভৱতী হাতী এজনীক ফটকাযুক্ত আনাৰস খুৱাই মৃত্যুমুখলৈ ঠেলি দিয়াৰ খবৰে আৱেগিক কৰি তুলিছিল বহুজনকে ৷ অনুষ্কা শৰ্মা, দিয়া মিৰ্জা আৰু শ্ৰদ্ধা কাপুৰ সহিত বহু তাৰকাই এই ঘটনাক গৰিহনা প্ৰদান কৰিছিল ৷

লগতে পঢ়কঃঅক্ষয় কুমাৰে পঞ্জাৱ আৰক্ষীক দিলে 500 টা বিশেষ ঘড়ী

ABOUT THE AUTHOR

...view details