চিটাৰা ডেস্ক, 1 ডিচেম্বৰ :উদিত নাৰায়ণ বলীউডৰ আটাইতকৈ প্ৰখ্যাত গায়কসকলৰ মাজৰ এগৰাকী ৷ আজিও বলীউডত তেওঁৰ মখমল সদৃশ কণ্ঠস্বৰ কোনেও সলনি কৰিব পৰা নাই ৷ উদিত নাৰায়ণৰ জন্ম হৈছিল ১৯৫৫ চনৰ ১ ডিচেম্বৰত বিহাৰৰ চুপল জিলাত(Singer Udit Narayan turns 66) ৷ বলীউডত স্থিতি অটুট ৰখাৰ বাবে উদিত নাৰায়ণে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ প্ৰায় 10 বছৰ ধৰি এই সংগ্ৰাম অব্যাহত ৰখাৰ পিছত আকস্মিক পৰিৱৰ্তন ঘটে শিল্পীগৰাকীৰ কেৰিয়াৰত ৷ এটা গীতে সলনি কৰে তেওঁৰ সংগীতৰ যাত্ৰাৰ দিশ ৷
উদিত নাৰায়ণে আমিৰ খানৰ ১৯৮৮ চনৰ ছবি 'কয়ামত চে কয়ামত তক' ত কণ্ঠদান কৰিছিল ৷ ইয়ে তেওঁৰ কেৰিয়াৰ সলনি কৰে ৷ এই গানটোৱে উদিত নাৰায়ণক পৰিচয় আৰু জনপ্ৰিয়তা দুয়োটা অৰ্জনতে সহায় কৰে ৷ তেওঁ গানটোৰ বাবে কেইবাটাও বঁটা লাভ কৰিছিল ৷ ইয়াৰ পিছৰে পৰা সংগীতৰ যাত্ৰাত উদিত নাৰায়ণে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৷ উদিত নাৰায়ণে 90 ৰ দশকৰ বহু গীতত কণ্ঠদান কৰিছিল ৷ যাৰ বাবে চাৰিবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ৷
ভিন্ন ভাষাৰ সংগীতত কণ্ঠদান
উদিত নাৰায়ণে হিন্দীৰ লগতে তামিল, তেলেগু, মালায়ালম, ওড়িয়া, নেপালী, ভোজপুৰী আৰু বাংলা ভাষাত কণ্ঠদান কৰে ৷ ২০০৯ চনত উদিত নাৰায়ণক এনে সুৰীয়া অৱদানৰ বাবে আগবঢ়োৱা হয় পদ্মশ্ৰী বঁটা ৷ নাৰায়ণে পাঁচবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰে ৷
ভাবুকিৰে ভৰা ফোনকল