চিটাৰা ডেস্ক, ২ ছেপ্টেম্বৰ: জনপ্ৰিয় অভিনেতা তথা ৰিয়েলিটী শ্ব' "বিগ বছ-১৩"(Bigg Boss-13)ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লা(Sidharth Shukla)ৰ মৃত্যুৰ বাতৰিয়ে স্বাভাৱিকতে আচম্বিত কৰিছে সকলোকে । অনুৰাগীৰ বাবে এয়া বিশ্বাস কৰিবলৈও কঠিন হৈছে যে, শেহতীয়াকৈ বিগ বছৰ-১৫ৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ সকলোকে আপ্লুত কৰা সিদ্ধাৰ্থ শুক্লা আৰু নাই । হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হয় ৪০ বছৰীয়া অভিনেতাগৰাকীৰ । এতিয়া মাথোঁ মুম্বাইৰ কোপাৰ হাস্পতালত মৰ্গত পৰি ৰৈছে জনপ্ৰিয় অভিনেতাগৰাকীৰ নশ্বৰ দেহ ।
মৰণোত্তৰ পৰীক্ষাৰ বাবে কোপাৰ হাস্পতালত ৰখা হৈছে সিদ্ধাৰ্থ শুক্লাৰ মৃতদেহ । মুম্বাই আৰক্ষী, সিদ্ধাৰ্থৰ ভগ্নী আৰু ভাতৃৰ লগতে পৰিয়ালৰ লোকে হাস্পতালতে অপেক্ষা কৰি আছে । অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰিয়ে টেলিভিছন জগত আৰু বলীউডত শোকৰ ছাঁ পেলাইছে । শোক প্ৰকাশ কৰিছে হাজাৰ হাজাৰ অনুৰাগীয়ে ।
ইণ্টেৰিঅ'ৰ ডিজাইনাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলা সিদ্ধাৰ্থে অভিনয়ৰে হৃদয় জিনিছিল অজস্ৰ অনুৰাগীৰ । ২০০৫ চনত গ্লেডৰেগছ মেনহান্টে(Gladrags manhunt) সিদ্ধাৰ্থ শুক্লাক বিশ্বৰ শ্ৰেষ্ঠ মডেলৰ বঁটা প্ৰদান কৰিছিল । টেলিভিছনৰ ধাৰাবাহিক 'বালিকা বধু'ৰ জৰিয়তে জনপ্ৰিয় হোৱাৰ পাছত ২০১২ চনত তেওঁ গোল্ডেন পেটেল বঁটা(Golden petal Award)ও লাভ কৰিছিল ।
'বালিকা বধু'ত কৰা অভিনয়ৰ বাবে সিদ্ধাৰ্থক ২০১৩ চনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছিল । আকৰ্ষণীয় উচ্চতা, শাৰীৰিক গঠন, সুন্দৰ ব্যক্তিত্বৰ বাবে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল । সিদ্ধাৰ্থে কেইবাখনো ধাৰাবাহিকত কাম কৰাৰ উপৰিও আৰু ৱেব শ্ব'ত কাম কৰিছিল ।
অভিনয় জগতত খোজ পেলোৱাৰ পূৰ্বে কি কৰিছিল সিদ্ধাৰ্থ শুক্লাই ?
১৯৮০ চনৰ ১২ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল সিদ্ধাৰ্থ শুক্লাই । মডেলিং কৰাৰ পূৰ্বে সিদ্ধাৰ্থে ইণ্টেৰিঅ'ৰ ডিজাইনাৰ হিচাপে কাম কৰিছিল । টেলিভিছনৰ ধাৰাবাহিকত অভিনয় কৰাৰ আগতে তেওঁ বহু ঠাইত মডেলিং কৰিছিল । সিদ্ধাৰ্থে ২০০৮ চনত টেলিভিছনৰ ধাৰাবাহিক 'বাবুল কা আংগন ছুটে না'ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল । এই ধাৰাবাহিকখনৰ জৰিয়তে তেওঁ দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।
সিদ্ধাৰ্থ শুক্লাই কি কি শ্ব'ত কাম কৰিছিল ?
সিদ্ধাৰ্থে ২০০৯ চনত টিভি ধাৰাবাহিক 'জানে পেহছানে ছে...ইয়ে আজনৱী', ২০১০ চনত 'আহট', ২০১১ চনত 'লাভ ইউ জিন্দেগী' আৰু 'চি আই ডি'ত অভিনয় কৰিছিল । তাৰ পিছত তেওঁক জনপ্ৰিয় ধাৰাবাহিক 'বালিকা বধু'ত দেখা পোৱা গৈছিল । ২০১২-১৫ চনলৈ তেওঁ 'বালিকা বধু'ত অভিনয় কৰিছিল । সিদ্ধাৰ্থে এই ধাৰাবাহিকখনৰ জৰিয়তে প্ৰায় প্ৰতিখন ঘৰৰে চিনাকী মুখ হৈ পৰিছিল ।