অসম

assam

ETV Bharat / sitara

কৃতিকলৈ ঈৰ্ষাত কিয়াৰা, সিদ্ধাৰ্থ মালহোত্ৰাই লগালে জগৰ!

কৃতিৰ পোছাক ঠিক কৰি দিলে সিদ্ধাৰ্থে, ঈৰ্ষাত কিয়াৰাই কি কৰিছে তাকে লৈ চিন্তা অনুৰাগীৰ! এৱাৰ্ডছ্ত ফটোৰ বাবে বাবে প’জ দিবলৈ কৃতি চেননৰ পোছাক ঠিক কৰি দি সিদ্ধাৰ্থে পাইছে নেটিজেনৰ পৰা ৱাহ ৱাহ (Siddharth Kriti at hello hall of fame awards) ৷

Sidharth Malhotra
সিদ্ধাৰ্থ মালহোত্ৰাই লগালে জগৰ!

By

Published : Mar 14, 2022, 10:00 PM IST

চিটাৰা ডেস্ক, 14 মাৰ্চ : বলীউড অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ অনুৰাগীৰ মাজত আছে এক সুকীয়া পৰিচয় ৷ বলীউডত ভূমূকি মৰাৰে পৰা জেন্টল মেন হিচাপে পৰিচিত হৈ আহিছে সিদ্ধাৰ্থ ৷ শেহতীয়াকৈ সিদ্ধাৰ্থৰ এটা বিশেষ খবৰে আমোদ দিছে অনুৰাগীক ৷

দেওবাৰে 'হেল্ল’! হল অৱ্ ফেম এৱাৰ্ড্ছ'ত বলীউড তাৰকা সকলক দেখা পোৱা গ’ল অনন্য লুকত ৷ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিলে নিজৰ নিজৰ বেশ-ভূশাৰে ৷ কিন্তু তাৰ মাজত সিদ্ধাৰ্থ মালহোত্ৰাই পুনৰ আকৌ এবাৰ হৃদয় জিনিলে নেটিজেনৰ (Siddharth Malhotra latest news) ৷

কৃতি চেননৰ পোছাক ঠিক কৰি দি সিদ্ধাৰ্থে পাইছে নেটিজেনৰ পৰা ৱাহ ৱাহ

সকলোৱে জানেই অভিনেত্ৰী সকলে বিভিন্ন ডিজাইনাৰ ড্ৰেছ পৰিধান কৰি এনেধৰণৰ এৱাৰ্ড শ্ব’বোৰ উপভোগ কৰে ৷ আজিকালি অৱশ্যে অভিনেতা সকলকো বিভিন্ন বেশ-ভূশাত দেখা যায় ৷ এই ক্ষেত্ৰত একো সন্দেহ নোহোৱাকৈ নাম ল’ব পাৰি ৰণবীৰ সিঙৰ ৷

অভিনেত্ৰী সকলক প্ৰায়ে দেখা যায় দীঘল গাউনত ৷ 'হেল্ল’! হল অৱ্ ফেম এৱাৰ্ড্ছ'ত বলীউডৰ কেইবাগৰাকী অভিনেত্ৰীক দেখা গ’ল লং ড্ৰেছত ৷ অনুষ্ঠানটোত কৃতি চাননে পৰিধান কৰিছিল এটা লেভেণ্ডাৰ ৰঙী চিণ্ড্ৰেলা ড্ৰেছ ৷ চেলিব্ৰিটী ষ্টাইলিষ্ট সুক্ৰীতি গ্ৰোভাৰে সজাই পৰাই তৈয়াৰ কৰিছিল কৃতিক এই লুকত (Kriti Sanon award look) ৷

কৃতি চাননে চিণ্ড্ৰেলা ড্ৰেছটোৰ সৈতে শ্বাটাৰবাগৰ সন্মুখত ফটোৰ বাবে প’জ দিওঁতেই সকলোৰে চকু গ’ল সিদ্ধাৰ্থলৈ ৷ ষ্টাইলিছ ড্ৰেছটো ষ্টাইলিছ হৈ নথকাত ঠিক কৰিবলৈ আগবাঢ়ি আহিল সিদ্ধাৰ্থ, যাতে কৃতিয়ে ফটোৰ বাবে দিব পাৰে সুন্দৰ প’জ (Siddharth Kriti at hello hall of fame awards) ৷ তাকে লৈ এতিয়া সকলো ব্য়স্ত সিদ্ধাৰ্থৰ প্ৰশংসাত ৷ কিন্তু একাংশৰ চিন্তা হৈছে সিদ্ধাৰ্থৰ প্ৰেমিকা হিচাপে চৰ্চাত থকা কিয়াৰাক লৈ ৷

সিদ্ধাৰ্থে কৃতিৰ পোছাক ঠিক কৰি থকা ভিডিঅ’টোৱে পাইছে অসংখ্য লাইক আৰু কমেণ্ট ৷ পোছাক ঠিক কৰাৰ পাছত কৃতিয়ে সিদ্ধাৰ্থক ধন্যবাদ জনাই একেলগে ফটো তুলিবলৈ মাতে ৷ দুয়োয়ে একেলগে সুন্দৰকৈ ফটো তোলাও দেখা গ’ল ৷

লগতে পঢ়ক:কিয়াৰাৰ পৰা শ্বাবালৈকে বলীউড সুন্দৰী সকলে আনিছে টুপীৰ ট্ৰেণ্ড

ABOUT THE AUTHOR

...view details