অসম

assam

ETV Bharat / sitara

‘মিছন মজনু’ৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত সিদ্ধাৰ্থ মহ্লোত্ৰা

সিদ্ধাৰ্থ মহ্লোত্ৰাই তেওঁৰ আহিবলগীয়া ছবি ‘মিছন মজনু’ৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল । অভিনেতাজনে ষ্টান্ট এটা কৰি থাকোতে আঁঠুত আঘাত প্ৰাপ্ত হৈছিল ।

By

Published : Apr 6, 2021, 4:50 PM IST

‘মিছন মজনু’ৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত সিদ্ধাৰ্থ মহ্লোত্ৰা
‘মিছন মজনু’ৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত সিদ্ধাৰ্থ মহ্লোত্ৰা

চিটাৰা ডেস্ক, 6এপ্ৰিল : বলীউড তাৰকা সিদ্ধাৰ্থ মহ্লোত্ৰা ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত আঁঠুত আঘাত প্ৰাপ্ত হৈছে ৷ উল্লেখ্য যে, সিদ্ধাৰ্থ মহ্লোত্ৰাই তেওঁৰ আহিবলগীয়া ছবি ‘মিছন মজনু’ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ থকাৰ সময়তে আঘাত প্ৰাপ্ত হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, সিদ্ধাৰ্থে পৰিচালক শান্তনু বাগচী আৰু একচন ডাইৰেক্টৰ ৰবি বাৰ্মাৰ তত্বাৱধানত এটা ষ্টাণ্ট কৰি থকাৰ সময়তে আঘাত প্ৰাপ্ত হয় ।

উল্লেখ্য যে, 36 বছৰীয়া বলীউড তাৰকা গৰাকীয়ে আঁঠুত আঘাত পোৱা স্বতেও ছবিখনৰ দৃশ্যগ্ৰহণ কৰি আছে ৷ কিয়নো ৭০ৰ দশকৰ সময়সীমাক প্ৰতিনিধিত্ব কৰা এই ছবিখনৰ দৃশ্যগ্ৰহণ স্থগিত ৰাখিলে প্ৰযোজকৰ ওপৰত অতিৰিক্ত বোজা হ'ব ৷ সেয়ে আঘাত প্ৰাপ্ত হৈয়ো চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি সিদ্ধাৰ্থে ছবি ‘মিছন মজনু’ৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত হৈ আছে ৷

পৰিচালক শান্তনু বাগচীৰ ‘মিছন মজনু’ৰ জৰিয়তে এইবাৰ দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মান্দন্নাই বলীউডত আত্মপ্ৰকাশ কৰিব ৷ এই ছবিখনত অভিনেতা সাৰিব হাসমী আৰু কুমুদ মিশ্ৰই মুখ্য চৰিত্ৰত অভিনয় কৰিব ৷

লগতে পঢ়ক:ৰণধীৰ কাপুৰে ভুলতে শ্বেয়াৰ কৰিছিল নেকি কৰীণাৰ পুত্ৰৰ ফটো ?

ABOUT THE AUTHOR

...view details