চিটাৰা ডেস্ক, ১৪ মাৰ্চ: কৰ'ণাত আক্ৰান্ত হৈছে বলীউডৰ অভিনেতা সিদ্ধান্ত চতুৰ্বেদী । আক্ৰান্ত হোৱাৰ পিছত অভিনেতাগৰাকী নিজৰ ঘৰতে কোৱাৰেন্টাইন হৈ আছে । শনিবাৰে নিশা ছচিয়েল মিডিয়াযোগে অনুৰাগীসকলক অভিনেতাগৰাকীৰ দেহত ধৰা পৰা ভাইৰাছৰ অৱস্থিতি সম্পৰ্কে অৱগত কৰে খোদ অভিনেতা গৰাকীয়ে ।
২৭ বছৰীয়া 'গলি বয়'ত অভিনয় কৰা সিদ্ধান্ত চতুৰ্বেদীয়ে যোৱা মাহত কেটৰিনা কাঈফ আৰু ঈশান খট্টৰ অভিনীত উদয়পুৰত 'হ'ৰৰ-কমেডী ভূত আৰক্ষী'ৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰি নিজ ঘৰলৈ উভতি আহিছিল । চতুৰ্বেদীক পৰৱৰ্তী সময়ত ছবি নিৰ্মাতা শকুন বাত্ৰাৰ 'আনটাইটেল্ড প্ৰকল্প আৰু বান্টি অৰ বাবলীৰ ছিকুৱেল'ত দেখা পোৱা যাব ।