অসম

assam

ETV Bharat / sitara

লছ এঞ্জেলছত জাহ্নৱীৰ সৈতে আমনিদায়ক সময় কটাইছে খুচীয়ে - জাহ্নৱী কাপুৰ

পশ্চিমীয়া দেশৰ ছবিত অভিনয় কৰাৰ হেঁপাহ পুহি ৰখা খুচী কাপুৰৰ সৈতে লছ এঞ্জেলছত সময় অতিবাহিত কৰিছে খুচীৰ ডাঙৰ ভনীয়েক অৰ্থাৎ অভিনেত্ৰী জাহ্নৱী কাপুৰে ৷ এসপ্তাহ নহওঁতেই দুয়োগৰাকী ভনীৰ মাজত আমনিৰ ভাৱ স্পষ্ট হৈ পৰিছে ৷ জাহ্নৱীয়ে এই সন্দৰ্ভত খুচীৰ সৈতে চ’ছিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে এটি ভিডিঅ’ ৷

Khushi is so 'done with' Janhvi
জাহ্নৱীৰ সৈতে আমনিদায়ক সময় কটাইছে খুচীয়ে

By

Published : Mar 29, 2021, 5:23 PM IST

চিটাৰা ডেস্ক,29 মাৰ্চ : ছবিৰ পৰা ক্ষন্তেক সময়ৰ বাবে বিৰতি লৈ ভনীয়েক খুচীৰ সৈতে লছ এঞ্জেলছত সময় অতিবাহিত কৰিছে অভিনেত্ৰী জাহ্নৱী কাপুৰে ৷ লছ এঞ্জেলছত এসপ্তাহ নহওঁতেই দুয়োগৰাকী ভনীয়ে আমনিদায়ক সময় পাৰ কৰা বুলি এক ভিডিঅ’যোগে ইংগিত দিয়ে জাহ্নৱীয়ে ৷

জাহ্নৱীৰ সৈতে আমনিদায়ক সময় কটাইছে খুচীয়ে

ইনষ্টাগ্ৰাম ষ্ট’ৰীত জাহ্নৱীয়ে শ্বেয়াৰ কৰা ভিডিঅ’ ক্লিপ অনুসৰি, জাহ্নৱী আৰু খুচীক বিচনাত শুই থকা দেখা গৈছে । জাহ্নৱীয়ে ভিডিঅ’ ৰেকৰ্ড কৰাৰ সময়ত খুচীক ফোনত ব্যস্ত থকা দেখা গৈছে । জাহ্নৱীয়ে সৰু ভনীয়েকৰ ভৰি টানি এক আমনিদায়ক ইংগিত প্ৰদান কৰিছে ।

শেহতীয়াকৈ আহিবলগীয়া ছবি ‘গুড লাক জেৰী’ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছে জাহ্নৱীয়ে । এই ছবিখনৰ কাহিনীভাগ লিখিছে পংকজ মাট্টাই আৰু পৰিচালনা কৰিছে সিদ্ধাৰ্থ সেনগুপ্তাই ।

লগতে পঢ়ক :শ্ব'লেৰ "জব তক হ্যে জান" শীৰ্ষক গীতত নৃত্য ইৰাণীয়ান মহিলাৰ

ABOUT THE AUTHOR

...view details