অসম

assam

ETV Bharat / sitara

অভিনেত্ৰী শ্ৰীয়া চৰণৰ ঘৰত নতুন আলহীৰ আগমন

‘Drishyam’ ৰ অভিনেত্ৰী শ্ৰীয়া চৰণ(Shriya Saran) বৰ্তমান এটি কন্যা সন্তানৰ মাতৃ ৷ সোমবাৰে ইনষ্টাগ্ৰামযোগে এই আনন্দৰ কথা ব্যক্ত কৰে শ্ৰীয়া আৰু তেওঁৰ ৰাছিয়ান স্বামী আন্দ্ৰেই কোচ্চিভে(Andrei Koscheev) ৷

By

Published : Oct 12, 2021, 1:56 PM IST

Shriya Saran announces arrival of baby girl
কন্যা সন্তান জন্মৰ সুখ ব্যক্ত ‘Drishyam’ৰ অভিনেত্ৰী শ্ৰীয়া চৰণৰ

চিটাৰা ডেস্ক, 12 অক্টোবৰ : অভিনেত্ৰী শ্ৰীয়া চৰণ(Shriya Saran) আৰু তেওঁৰ ৰাছিয়ান স্বামী তথা ব্যৱসায়ী আন্দ্ৰেই কোচ্চিভে(Andrei Koscheev) সোমবাৰে ছ’চিয়েল মিডিয়াযোগে প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হোৱাৰ সুখ ব্যক্ত কৰে ৷ দম্পতীটোৱে এটি কন্যা সন্তানৰ জন্ম দিয়ে ৷ 2018 চনত বিবাহপাশত আৱদ্ধ হোৱা অভিনেত্ৰী শ্ৰীয়াই ইনষ্টাগ্ৰামযোগে গৰ্ভৱতী হোৱাৰ কথা ঘোষণা কৰিছিল ৷

ইনষ্টাগ্ৰামযোগে দম্পতীটোৱে এই সুখ ব্যক্ত কৰি লিখিছে যে, 2020 চনটো দুয়োৰে বাবে আটাইতকৈ সুখকৰ কোৱাৰেণ্টাইন আছিল, য’ত গোটেই পৃথিৱীখনে এক অস্থিৰতাৰ মাজেৰে গতি কৰিছিল, কিন্তু তেওঁলোকৰ পৃথিৱীখন চিৰদিনৰ বাবে সলনি হৈ গৈছিল ৷ এক দুঃসাহসিক অভিযান, উত্তেজনাৰে পৰিপূৰ্ণ এখন পৃথিৱী । পিতৃ-মাতৃৰ এই সুখ অনুভৱ কৰাৰ সুবিধা লাভ কৰাৰ বাবে দুয়ো ঈশ্বৰক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

‘Sivaji: The Boss’, ‘Awarapan’ আৰু ‘Drishyam’ ৰ দৰে জনপ্ৰিয় ছবিত দেখিবলৈ পোৱা গৈছে 39 বছৰীয়া অভিনেত্ৰী শ্ৰীয়া চৰণক ৷ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰা এই পোষ্টত শ্ৰীয়াই কন্যা সন্তানটিৰ সৈতে থকা ভিডিঅ’ শ্বেয়াৰ কৰে ৷ চলিত বৰ্ষৰ আৰম্ভণিতে শ্ৰীয়াই স্পেইনৰ বাৰ্চিলোনাৰ পৰা ভাৰতলৈ অহাৰ কথা উল্লেখ কৰিছিল ৷ ব্যক্তিগত আৰু সীমিতভাৱে শ্ৰীয়াই আন্দ্ৰেইৰ সৈতে উদয়পুৰত বিবাহপাশত আৱদ্ধ হৈছিল, যি এগৰাকী ব্যৱসায়ীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈ ৷

লগতে পঢ়ক :কাৰাগাৰতে থাকিব লাগিব শ্বাহৰুখ তনয় !

ABOUT THE AUTHOR

...view details