অসম

assam

ETV Bharat / sitara

লক্ ডাউনৰ সময়ছোৱাত কিহত ব্যস্ত শ্ৰেয়া ঘোষাল ? - শ্ৰেয়া ঘোষাল

লক্ ডাউনৰ থিক পূৰ্বে মাৰ্চ মাহত শ্ৰেয়া ঘোষালে নাহ ৱহ মে নামৰ গীতটিৰ মুক্তি দিছিল আৰু তাৰ পিছৰ পৰা লক্ ডাউনৰ সময়ছোৱাত গায়িকা গৰাকী ব্যস্ত হৈ আছে ঘৰুৱা কাম-কাজৰ লগতে YouTubeৰ বাবে বিভিন্ন বিষয়বস্তু সৃষ্টিত ৷

Shreya Ghoshal nurturing composer in her during lockdown
শ্ৰেয়া ঘোষাল

By

Published : May 2, 2020, 8:16 PM IST

চিটাৰা ডেস্ক,2 মে'ঃশ্ৰেয়া ঘোষালক সকলোৱে জানে কন্ঠশিল্পীৰূপে, কিন্তু কম সংখ্যকেহে জানে যে তেওঁ এগৰাকী সংগীতকাৰো ৷

শ্ৰেয়া ঘোষাল

ভাৰতত কৰ'ণা ত্ৰাসৰ বাবে হোৱা লক্ ডাউনৰ পূৰ্বে মাৰ্চ মাহত মুক্তি দিছিল শ্ৰেয়া ঘোষালে নাহ ৱহ মেশীৰ্ষক গীতটিৰ ৷

শ্ৰেয়াই জনাই যে, " মই গীতটো অলপ পলমকৈ মুকলি কৰাৰ কথা আছিল কিন্তু মই কিমান দিনলৈ লক্ ডাউন চলিব সেয়া নিশ্চিতকৈ নাজানো বাবেই গীতটো আগতীয়াকৈ YouTubeৰ যোগেৰে মুক্তি দিলোঁ ৷ এই গীতটো মই আৰু মোৰ ভাতৃয়ে মিলি ৰচনা কৰিছিলোঁ ৷ "

লগতে তেওঁ জনাই যে, শ্ৰেয়াই এই লক্ ডাউনৰ সময়ছোৱাত তেওঁৰ YouTube চেনেলৰ বাবে বিভিন্ন বিষয়বস্তু সৃষ্টি কৰাত ব্যস্ত হৈ আছে ৷

ইয়াৰোপৰি তেওঁ এই কঠিন সময়ত ভাৰ্ছুৱেল সংগীতানুষ্ঠানবোৰ কৰি নিজৰ মাজৰ কলাকাৰ গৰাকীক সজীৱ কৰি ৰাখিছে বুলিও জানিবলৈ দিছে ৷

কেৱল সেয়াই নহয় লক্ ডাউনৰ সময়ছোৱাত শ্ৰেয়া ঘোষালৰ ৰন্ধনশৈলী পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে ৷ বহুকেইখন সুস্বাদু ব্যঞ্জন ৰান্ধিবলৈ শিকিছে বুলি জানিবলৈ দিছে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে ৷

লক্ ডাউনৰ সময়ত নিতৌ বাতৰি চাই আছে শ্ৰেয়াই ,লগতে নিজৰ সাধ্যানুসাৰে মানুহক সহায় কৰাৰ প্ৰয়াস কৰি আহিছে ৷

ABOUT THE AUTHOR

...view details