চিটাৰা ডেস্ক, 30 ডিচেম্বৰ : বলীউডৰ অভিনেত্ৰী শিল্পা শিৰোদকাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁ চাৰিদিন পূৰ্বে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা ধৰা পৰা বুলি সদৰী কৰে (Shilpa Shirodkar tested Corona Positive) ৷ শিল্পা শিৰোদকাৰ ক’ভিড-19 এণ্টি-ভেকচিন লাভ কৰা ভাৰতীয় চেলিব্ৰিটিসকলৰ ভিতৰত আছিল অন্যতম ৷
চলিত বছৰৰ জানুৱাৰী মাহত তেওঁ চীনৰ 'চাইন’ফৰ্ম' ভেকচিন গ্ৰহণ কৰিছিল ৷ সকলোৱে সুৰক্ষিত থকাৰ লগতে টীকাকৰণ লোৱা উচিত আৰু নিয়মবোৰ অনুসৰণ কৰা উচিত বুলি তেওঁ পোষ্টত লিখে ৷ ‘আপোনাৰ চৰকাৰে জানে আপোনাৰ বাবে কি ভাল’ এই মন্তব্য ৰাখে অভিনেত্ৰীগৰাকীয়ে ৷