চিটাৰা ডেস্ক, 2 মাৰ্চ :১৯৯৩ চনত বাজীগৰ ছবিখনেৰে বলীউডত আত্মপ্ৰকাশ কৰা শিল্পা শেট্টীয়ে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে তেওঁৰ অভিনয় জীৱনৰ এক ভাল খবৰ ৷ বলীউডত ইমান এটা দীঘলীয়া যাত্ৰাৰ অন্তত শিল্পাই এটা আকৰ্ষণীয় নতুন প্ৰজেক্টেৰে আহি আছে দৰ্শকৰ মাজলৈ (Shilpa Shetty new movie) ৷ সুখী নামৰ এখন নাৰীকেন্দ্ৰিক চিনেমাত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিছে অভিনেত্ৰী গৰাকী (Shilpa Shetty female centric film ) ৷
মঙলবাৰে নিজৰ ইন্ষ্টাগ্ৰামত এখন পোষ্টাৰৰে সৈতে এই খবৰটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে শিল্পা শেট্টীয়ে ৷ পোষ্টাৰ দেখি এখন মহিলা কেন্দ্ৰিক চলচ্চিত্ৰ যেন অনুমান কৰিব পাৰি ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শিল্পাই । এই ছবিখন শিল্পাৰ বাবে বিশেষ হ'ব কিয়নো বলীউডত আত্মপ্ৰকাশ কৰাৰ পিছত এইখনেই তেওঁৰ প্ৰথম মহিলা কেন্দ্ৰিক চলচ্চিত্ৰ হ'ব ।