চিটাৰা ডেস্ক, 14 জুন: ব্ৰিটিছ-ভাৰতীয় ব্যৱসায়ী আৰু অভিনেত্ৰী শিল্পা ছেট্টী(SHILPA SHETTY)ৰ স্বামী ৰাজ কুন্দ্ৰাই শেহতীয়া এক সাক্ষাৎকাৰত অভিযোগ তুলিছে যে, তেওঁৰ ভনী জোঁৱাইৰ সৈতে পূৰ্বৰ পত্নী কবিতাৰ প্ৰেমৰ সম্পৰ্ক আছিল । এইবোৰ বিষয়ক লৈ মতামত আগবঢ়োৱাৰ পৰা শিল্পা বিৰত আছিল ।
কিন্তু ছ'চিয়েল মিডিয়াত হোৱা অপপ্ৰচাৰৰ বাবে শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে মুখ খুলিছে । ইনষ্টাগ্ৰাম পোষ্টযোগে শিল্পাই ইউৰিপেডেছৰ এটা মন্তব্য শ্বেয়াৰ কৰে আৰু সেয়া হৈছে যে, যেতিয়া এজন ভাল মানুহে মনত দুখ পায়, তেতিয়া তেওঁ সৈতে ভাল সম্পৰ্ক থকা সকলোৱে এই দুখ সহ্য কৰিবলগীয়া হয় ।
শেহতীয়াকৈ ৰাজ কুন্দ্ৰা(RAJ KUNDRA)ই এক সাক্ষাৎকাৰত অভিযোগ তুলিছিল যে, লণ্ডনত থকা সময়ত তেওঁৰ ভনী জোঁৱাইৰ সৈতে তেওঁৰ পূৰ্বৰ পত্নী কবিতাৰ প্ৰেমৰ সম্পৰ্ক আছিল । তেওঁৰ প্ৰথম বিবাহ বিচ্ছেদৰ কাৰণ এই পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক বুলি মন্তব্য কৰে ৰাজ কুন্দ্ৰাই ।