চিটাৰা ডেস্ক, ১০ নৱেম্বৰ: মন্দিৰত ঈশ্বৰৰ আশীষ লৈ স্বামী ৰাজ কুন্দ্ৰাৰ হাতত ধৰি ওলাই আহিল অভিনেত্ৰী শিল্পা ছেট্টী । হালধীয়া ৰঙৰ ছেলৱাৰ পৰিধান কৰা শিল্পাৰ মুখত মিঠা হাঁহি । ৰাজ কুন্দ্ৰায়ো পৰিধান কৰিছিল একে ৰঙৰ সাজ । ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে দুয়ো একেলগে থকা কেইবাখনো ফটো ।
পৰ্ণগ্ৰাফী গোচৰত জামিন লাভৰ পাচত প্ৰথমবাৰৰ বাবে একেলগে শিল্পা ছেট্টী, ৰাজ কুন্দ্ৰা পৰ্ণ’গ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হৈ জামিন লাভ কৰাৰ পিছতে এনেদৰে প্ৰথমবাৰৰ বাবে একেলগে দেখা গ'ল দুয়োকে । দৰাচলতে, অনাগত দিনবোৰ কুশলে পাৰ হোৱাৰ কামনাৰে ঈশ্বৰক প্ৰাৰ্থনা জনাবলৈ দুয়ো উপস্থিত হৈছিল হিমাচল প্ৰদেশৰ এটি মন্দিৰত । মুম্বাইস্থিত বাসগৃহত ভাই দুজ উদযাপন কৰাৰ পিছতে ধৰমশালা অভিমুখে ৰাওনা হৈছিল দুয়োজন । ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোকেইখনত দেখা গৈছে যে, শিল্পা আৰু ৰাজে মন্দিৰত সেৱা জনাইছে ।
পৰ্ণগ্ৰাফী গোচৰত জামিন লাভৰ পাচত প্ৰথমবাৰৰ বাবে একেলগে শিল্পা ছেট্টী, ৰাজ কুন্দ্ৰা দুয়োজনে মন্দিৰৰ পৰা ওলাই অহাৰ সময়ৰ এখন ফটোও ভাইৰেল হৈছে । ফটোখনত স্বামী ৰাজ কুন্দ্ৰাৰ হাতত ধৰি আছে শিল্পাই । উজ্জ্বল হালধীয়া ৰঙৰ ছেলৱাৰ পিন্ধাৰ লগতে কম প্ৰসাধন কৰা দেখা গৈছিল শিল্পাক ।
পৰ্ণগ্ৰাফী গোচৰত জামিন লাভৰ পাচত প্ৰথমবাৰৰ বাবে একেলগে শিল্পা ছেট্টী, ৰাজ কুন্দ্ৰা উল্লেখ্য যে, ৫০ হাজাৰ টকা আদায় দিয়াৰ পাচত মুম্বাইৰ আদালতে পৰ্ণ’গ্ৰাফী গোচৰত ৰাজৰ জামিন মঞ্জুৰ কৰিছিল । জামিন লাভৰ কেইদিনমান পিছত ৰাজৰ টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্টো ডিলিট কৰা হৈছিল । যোৱা ১৯ জুলাইত ১১ জন লোকৰ সৈতে ৰাজক আৰক্ষীয়ে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ।
লগতে পঢ়ক:কৰণ জোহৰৰ ‘পদ্মশ্ৰী বঁটা’ক লৈ কি প্ৰতিক্ৰিয়া যমজ সন্তানৰ?