অসম

assam

ETV Bharat / sitara

দ্বিতীয় সন্তানৰ মাতৃ হ'ল শিল্পা চেট্টী

15 ফেব্ৰুৱাৰী তাৰিখে দ্বিতীয় সন্তানৰ আগমন ঘটিল শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ জীৱনলৈ ৷ জনপ্ৰিয় দম্পতিহালে চাৰোগেচী প্ৰক্ৰিয়াৰে নিজৰ জীৱনলৈ আনিলে দ্বিতীয় সন্তান চমিশা চেট্টী কুন্দ্ৰাক ৷

Shilpa Shetty, Raj Kundra become parents again
দ্বিতীয় সন্তানৰ মাতৃ হ'ল শিল্পা চেট্টী

By

Published : Feb 21, 2020, 1:51 PM IST

চিটাৰা ডেস্ক,21 ফেব্ৰুৱাৰীঃ অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰা আৰু স্বামী ৰাজ কুন্দ্ৰাৰ জীৱনলৈ আহিছে কণমানি পৰী ৷ প্ৰথম সন্তান ৱিয়ানৰ পিছত এইবাৰ শিল্পাৰ জীৱনলৈ আহিছে দ্বিতীয় সন্তান চমিশা ৷ জনপ্ৰিয় দম্পতিহালে চাৰোগেচী প্ৰক্ৰিয়াৰে নিজৰ জীৱনলৈ আনিছে কণমানিজনীক ৷

শেহতীয়াকৈ শিল্পা চেট্টীয়ে ইনষ্টাগ্ৰাম যোগে দ্বিতীয় সন্তান চমিশাৰ বিষয়ে প্ৰকাশ কৰে ৷ তেওঁলোকে নিজৰ কন্যাৰ নামটো লক্ষ্মী দেৱীৰ নামৰ অৰ্থ সামৰিয়েই নিৰূপন কৰিছে বুলি জানিবলৈ দিয়ে ৷ ধড়কন তাৰকাগৰাকীয়ে 2009 চনৰ 22 নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল ৰাজ কুন্দ্ৰাৰ সৈতে ৷ 2012 চনত তেওঁলোকৰ জীৱনলৈ আহে প্ৰথম সন্তান ৱিয়ান ৷

শিল্পা চেট্টীৰ কামৰ কথালৈ গ'লে 44 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে সুদীৰ্ঘ 13 বছৰৰ বিৰতিৰ পিছত পুনৰ বলীউডলৈ ঘূৰিব ৰোমান্টিক , কমেডী আৰু একচনেৰে ভৰপূৰ ছবি নিকাম্মাৰ জৰিয়তে ৷ ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱা যাব পৰেশ ৰাৱল,প্ৰণীতা সুভাস আৰু মীজানৰ সৈতে আগন্তুক ছবি হাংগামা-2ত ৷

লগতে পঢ়কঃ'জোনাকী'ৰ বাবে সাজু গুৱাহাটী বিশ্ববিদ্যালয়

ABOUT THE AUTHOR

...view details