অসম

assam

সুদীৰ্ঘ বিৰতিৰ অন্তত পুনৰ ছবি জগতলৈ শিল্পা

By

Published : Dec 31, 2020, 11:16 AM IST

Updated : Dec 31, 2020, 11:46 AM IST

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰাই অৱসৰ বিনোদনৰ বাবে গোৱা ভ্ৰমণত ক'লা ৰঙৰ এযোৰ ধুনীয়া আকৰ্ষিত কাপোৰ পৰিধান কৰি তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টত ফটো শ্বেয়াৰ কৰে ।

অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰা
অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰা

চিটাৰা ডেস্ক, ৩১ ডিচেম্বৰ: বলীউডৰ বহু জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰাই ব্যস্ততাৰ মাজৰ পৰা আঁতৰি পৰিয়ালৰ সৈতে এইকেইদিন অৱসৰ বিনোদনৰ বাবে গোৱাত গৈ বিভিন্ন ফটো উঠি ছ'চিয়েল মিডিয়াত ইটোৰ পাচত সিটোকৈ ফটো শ্বেয়াৰ কৰি আছে । ৪৫ বছৰীয়া শিল্পাই ফটো শ্বেয়াৰ কৰি লিখিছে যে বয়সক নেওচিও সকলোকে আকৰ্ষিত কৰি তুলিবলৈ ইচ্ছুক । শিল্পাৰ এনেধৰণৰ ফটোত অনুৰাগীসকলো যথেষ্ঠ আকৰ্ষিত হৈছে । শিল্পাই শ্বেয়াৰ কৰা ফটোত প্ৰায় ১৮.৬K লাইক আহিছে ।

অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰা

১৩ বছৰৰ বিৰতিৰ অন্তত শিল্পাই "হাংগামা" আৰু "নিকাম্মা"ত অভিনয় কৰিবলৈ সাজু হৈ উঠিছে । চাবিৰ খানৰ পৰিচালিত ছবি "নিকাম্মা"ত বলীউড তাৰকা অভিমান্যু দেশানী আৰু চাৰ্লি চেতিয়াই অভিনয় কৰাৰ লগতে পৰেশ ৰাৱাল,প্ৰণীতা সুভাষ আৰু মিজানেও কাম কৰিব । ইতিমধ্যে মানালীত ছবিখনৰ কিছু দৃশ্যাংশৰ শ্বুটিঙৰ কাম কৰা হৈছে ।

উল্লেখয়োগ্য যে ২০০৭ চনত "লাইফ ইন এ মেট্ৰ" আৰু "অপনে" ছবি দুখনত শেষবাৰৰ বাবে শিল্পাৰ অভিনয় দেখা পোৱা গৈছিল ।

লগতে পঢ়ক: অবকাশৰ ছবিৰে সামাজিক মাধ্যমত খলকনি তুলিছে শিল্পা ষেট্টী আৰু মলাইকা আৰোৰাই

Last Updated : Dec 31, 2020, 11:46 AM IST

ABOUT THE AUTHOR

...view details