চিটাৰা ডেস্ক, ২৪ জুলাই :শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰাৰ (Raj Kundra) গ্ৰেপ্তাৰৰ খবৰে দেশজুৰি চৰ্চা লাভ কৰিছে । তেনে সময়তে অভিনেত্ৰীগৰাকীক সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ট্ৰল (Troll) কৰা দেখা গৈছে । কিয়নো অভিনেত্ৰীগৰাকীৰ আহিবলগীয়া ছবি হাংগামা ২ (Hungama 2) চাবলৈ ৰাইজক আহ্বান জনাইছিল শিল্পা চেট্টীয়ে ।
তেওঁৰ স্বামীৰ গ্ৰেপ্তাৰৰ বাবে ছবিখনে যাতে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয় তাৰ বাবেও দৰ্শকক অনুৰোধ জনাইছে অভিনেত্ৰীগৰাকীয়ে । শিল্পা চেট্টীৰ এই আহ্বানৰ পিছতে বিভিন্নজনে তেওঁৰ টুইটক সমালোচনা কৰিছে । ছ'চিয়েল মিডিয়াত (Social media) শিল্পাই ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি কৈছিল যে তেওঁ যোগ শিক্ষাক বিশ্বাস কৰে আৰু অনুশীলন কৰে । সেয়ে জীৱনৰ বৰ্তমানৰ মুহুৰ্তকলৈ জীয়াই থাকিব লাগে বুলি তেওঁ বিশ্বাস কৰে ।
এখন ভাল ছবি নিৰ্মাণৰ বাবে হাংগামা ২ ৰ পৰিয়ালে যথেষ্ট কষ্ট কৰিছে ৷ যাৰ বাবে ছবিখনে কোনো ক্ষতিৰ সন্মুখীন নোহোৱাটো তেওঁ বিচাৰিছে । তেওঁ লগতে সকলোকে পৰিয়ালৰ সৈতে হাংগামা ২ চাবলৈ অনুৰোধ জনায় ।
যাতে ছবিখনৰ সৈতে সংলগ্ন প্ৰতিজন ব্যক্তিৰ বাবে সকলোৱে এবাৰ হাঁহিব পাৰে । অভিনেত্ৰীগৰাকীয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে বহুতো লোকে তেওঁৰ স্বামীৰ গোচৰ সন্দৰ্ভত তেওঁক ট্ৰল কৰিবলৈ আৰম্ভ কৰে । এগৰাকীয়ে লিখিছে স্বামী কাৰাগাৰত থাকিলেও টুইটাৰত চিনেমাখনৰ প্ৰচাৰ কৰিবলৈ তেওঁ কিমান নিৰ্ভীক হ'ব লাগিব । আন এজনে প্ৰশ্ন কৰিছে এই সকলোবোৰ জ্ঞান আৰু শিক্ষা তেওঁ নিজৰ স্বামীক কিয় দিয়া নাছিল ।